গুৱাহাটী, ১৮ নৱেম্বৰ:হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ বাহনসমূহৰ বাবে 'অড-ইভেন' আঁচনি অৰ্থাৎ যুগ্ম-অযুগ্ম আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে, বুধবাৰে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে- "প্ৰদূষণ হ্ৰাস কৰাৰ বিকল্প বিচাৰি আমি ৰাজ্যখনৰ বিভিন্ন অভিযন্তা,গুৰুগ্ৰাম পৌৰ নিগমৰ আয়ুক্ত আৰু ৰাজ্যৰ উপায়ুক্ত সকলৰ সৈতে এখন সমিতি প্ৰস্তুত কৰিছো"।
অড-ইভেন আঁচনিৰ অধীনত,বাহনবোৰৰ নম্বৰ প্লেটৰ সৈতে বিকল্প দিন চিহ্নিত কৰা হয়।পঞ্জীয়ন নম্বৰ অযুগ্ম সংখ্যাত সমাপ্ত হোৱা বাহনবোৰক যুগ্ম দিনত ৰাস্তাত চলাবলৈ অনুমতি দিয়া হ'ব আৰু যুগ্ম নম্বৰৰ বাহনবোৰ অযুগ্ম দিনত চলাচল কৰাৰ অনুমতি দিয়া হ'ব। এই আঁচনিখন ৰূপায়ণ কৰি পথৰ অপ্ৰয়োজনীয় ভিৰ হ্ৰাস কৰাৰ লগতে হাৰিয়ানা চৰকাৰে প্ৰদূষণৰ স্তৰ হ্ৰাস হোৱাৰ আশা কৰিছে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি ৰাজ্য চৰকাৰে কিছু দিনৰ বাবে মহাবিদ্যালয় আৰু উদ্যোগ সমূহ বন্ধ ৰখাৰো নিৰ্দেশ দিয়ে।
Comments