গুৱাহাটী,১৮ নৱেম্বৰ:প্ৰাক্তন অধিনায়ক এমএছৰ ধোনিৰ একমাত্ৰ কন্যা জীভা সিং ধোনীৰ জন্ম হৈছিল ২০১৫ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে, জীভাৰ অৰ্থ হৈছে উজ্জ্বলতা।
প্ৰাক্তন ভাৰতীয় অপেনাৰ গৌতম গম্ভীৰৰ আজিন আৰু আনাইজা নামৰ ২ গৰাকী কন্যা আছে,আৰবী ভাষাৰ আজিনৰ অৰ্থ হৈছে সৌন্দৰ্য আৰু আনাইজাৰ অৰ্থ হৈছে সন্মানীয়।
প্ৰবীণ স্পিনাৰ হৰভজন সিঙে বলীউডৰ অভিনেত্ৰী গীতা বাসৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। চেলিব্ৰিটি দম্পতীহালৰ কন্যাৰ নাম হৈছে হিনায়া হীৰ প্লাহা।২০১৬ চনত জন্ম গ্ৰহণ কৰা হিনায়া হীৰ'ৰ অৰ্থ হৈছে 'ধুনীয়া পৰী'।
টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচাৰ আশীষ নেহৰাৰ জীয়ৰী হৈছে আৰিয়ানা যাৰ অৰ্থ হৈছে পৱিত্ৰ।
টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ কন্যা ভামিকাৰ জন্ম হৈছিল ২০২১ চনৰ ১১ জানুৱাৰীত। 'ভামিকা' হিন্দু দেৱী 'দুৰ্গা'ৰ আন এটা নাম।
Comments