গুৱাহাটী,২৩ নৱেম্বৰ:পদিনাৰ উপকাৰিতা সম্পর্কে প্ৰায়ভাগ লােকেই কম বেছি পৰিমাণে জ্ঞাত। পদিনা শাক সহজে পােৱা যায় আৰু প্ৰায়ভাগ লােকেই দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তর্ভুক্ত কৰে। পদিনা হ’ল মাটিৰ ওপৰত বগাই যোৱা এবিধ সৰু কোমল গছ। পাত ছিঙিলে সাধাৰণতে লতাজাতীয় গছডালাে উঘালি যায়। ইয়াৰ পাত দুই-তিনি ছেণ্টিমিটাৰমানহে ডাঙৰ হয়। পদিনাৰ ফুল পাতল বেঙুনীয়া। পদিনাৰ গা-গছ পাত দুয়ােটাই সুগন্ধি।
পদিনাৰ আছে যথেষ্ট উপকাৰিতা গুণ:
◆পদিনাৰ পৰা মেন্থল তেল প্ৰস্তুত কৰা হয়।
◆নিয়মীয়াকৈ পদিনা খালে বিভিন্ন ধৰণৰ চৰ্মৰােগ প্ৰতিৰােধ কৰাটো সম্ভৱ।
◆যদিহে বমিভাব বা বমি হৈছে তেতিয়া হ’লে পদিনাৰ পাত খালে এনে সমস্যাৰ পৰা উপশম পাব পাৰি। ছয় গ্রাম সৈন্ধৱ লৱণৰ স’তে ২০০ মিলিগ্রাম ঠাণ্ডা পানীত পদিনাৰ ৰস মিহিলাই খালে বমি ওলােৱাটো বন্ধ হ’ব।
◆ পদিনা খালে পেটৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।
◆বেছিকৈ পেট বিষালে পদিনাৰ ৰসত কম পৰিমাণে জালুকৰ গুড়ি মিহলাই মৌৰ লগত খালে উপকাৰ পােৱা যায়।
◆পদিনাৰ ৰস আদাৰ লগত খালেও উপকাৰ পােৱা যায়।
◆ যদিহে খজুৱাই খজুৱাই গাত ঘামচিৰ দৰে ৰঙা পৰে তেতিয়া হ’লে পদিনাৰ পাত পিচি অলপ চেনি মিহলাই খালে উপকাৰ পােৱা যাব।
◆পেট ফুলা আদিত শুকান পদিনাৰ পাত ব্যৱহাৰ কৰিলেও সুফল পােৱা।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments