গুৱাহাটী, ২৩ নৱেম্বৰঃ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক এক আচৰিত খবৰ দিছে। অনুৰাগীসকলে শেহতীয়াকৈ লক্ষ্য কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁৰ স্বামীৰ (নিক জোনাছ) উপাধি আঁতৰাই দিছিল। তাৰ পিছতো অভিনেত্ৰীগৰাকীৰ ছ'চিয়েল মিডিয়া একাউণ্টত তেওঁৰ নাম 'প্ৰিয়ংকা চোপ্ৰা জোনাছ' লিখা আছিল।
শেহতীয়াকৈ অনুৰাগীসকলে লক্ষ্য কৰিছে যে প্ৰিয়ংকাই তেওঁৰ নামৰ পৰা জোনাছ উপাধিটো আঁতৰাই দিছিল। এতিয়া তেওঁৰ একাউণ্টটো প্ৰিয়ংকা চোপ্ৰা নামেৰে আগৰ দৰেই দৃশ্যমান হৈছে। অতীতত, বহুতো অভিনেত্ৰীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা তেওঁলোকৰ স্বামীৰ উপাধি আঁতৰাই বিবাহ বিচ্ছেদৰ আভাস দিছিল। তেনে ক্ষেত্রত প্ৰিয়ংকা চোপ্ৰাইও তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিব আৰু পৃথক হ'ব বুলি সকলোৱে আশংকা প্ৰকাশ কৰিছে।
ইয়াৰ পূর্বে অভিনেত্রী মালাইকা অৰোৰা খানেও বিবাহ বিচ্ছেদৰ আগতে তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। জানিব পৰা গৈছে যে পূৰ্বতে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিবাহৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল।
ইপিনে, দুয়োজনৰ বিবাহ বিচ্ছেদ সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা প্ৰকাশ কৰা হোৱা নাই। অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পিছত তেওঁৰ ইনষ্টাগ্রাম একাউণ্টত নাম প্ৰিয়ংকা চোপ্ৰা জোনাছলৈ সলনি কৰিছিল।
Comments