গুৱাহাটী,২২ নৱেম্বৰ:এবছৰৰো অধিক সময় ৰাজপথত আন্দোলন অব্যাহত ৰখাৰ পাছত প্ৰতিবাদী কৃষকৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে শিৰনত কৰিলে যদিও সম্পূৰ্ণৰূপে এতিয়াও পতিয়ন যোৱা নাই কৃষকসকল । ইতিমধ্যে দেশজোৰা আন্দোলনৰ নেতৃত্ববাহী ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকাইটকে ধৰি আন্দোলনৰ অগ্ৰণী নেতাসকলে স্পষ্ট কৰি দিছে যে আগন্তুক সংসদৰ শীতকালীন অধিবেশনত তিনিখন বিতৰ্কিত তিনি কৃষি আইন প্রত্যাহাৰ নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত আইন প্ৰত্যাহাৰৰ ঘোষণাৰ লগতে কৃষকসকলক আন্দোলনস্থলী ত্যাগ কৰি ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনাইছিল ।
কালি প্ৰতিবাদী কৃষকৰ যুটীয়া সংগঠন সংযুক্ত কিষাণ মৰ্চা (এছকেএম)ৰ প্ৰতিবাদী কৃষকসকল দিল্লীৰ সিংঘু সীমান্তত বৈঠকত মিলিত হয় আৰু এলানি কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত আছে অহা ২৯ নৱেম্বৰৰ শীতকালীন অধিবেশনৰ আৰম্ভণিত ‘সংসদ চলো’ কাৰ্যসূচী । প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পাছত কালি কৃষকসকলৰ এইখন বৈঠক অনুষ্ঠিত হয় ।
Comments