গুৱাহাটী,২১ নৱেম্বৰ:অসমৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই (আইটিএছএছএ) ২০২২ বৰ্ষত ১১ টা ভাষাক অন্তৰ্ভুক্ত কৰি এখন বহুভাষিক অভিধান প্ৰকাশ কৰিব। অভিধানখনত আঠটা জনজাতীয় ভাষাৰ ১০,৫০০ শব্দ থাকিব – বড়ো, মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী, ৰাভা, গাৰো আৰু লগতে থাকিব অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা।
অভিধান প্ৰকল্পটোৰ ব্যয় হ'ব প্ৰায় ১ কোটি টকা।আঠখন স্বায়ত্তশাসিত পৰিষদে অভিধান সংকলন আৰু প্ৰকাশৰ বাবে অসমৰ খিলঞ্জীয়া সাহিত্য সভাই পুঁজিত অৰিহণা যোগাব। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে (বিটিচি) ইতিমধ্যে প্ৰকল্পটোৰ বাবে ২৫ লাখ টকা মুকলি কৰিছে।
আইটিএছএছএ হৈছে বিভিন্ন জনজাতীয় সাহিত্য সভাৰ এক সমন্বয়। ই অসমৰ সকলো থলুৱা সম্প্ৰদায়ৰ ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে কাম কৰি আহিছে। ২০১৫ বৰ্ষত গঠিত হোৱা আইটিএছএছএ ৰ বিশেষকৈ আঠখন সাহিত্য সভাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা থলুৱা জনজাতীয় লোকসকলৰ উপস্থাপন আৰু আৰ্থ-সামাজিক বিকাশৰ বাবে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ এক উমৈহতীয়া কাৰ্যসূচী আছে।
Comments