Classifieds
View All
ডিমৌ, ২২ নৱেম্বৰ : সোণোৱালী ধাননী পথাৰ ৷ চালে চকুৰোৱা এই পথাৰত এতিয়া ঠন ধৰি উঠিছে কৃষকৰ বুকুৰ সপোন ৷ পুৱাই সূৰ্যদয়ৰ লগে লগে দায়নি এতিয়া ব্যস্ত হৈ পৰিছে আশাৰ সোণগুটি চপোৱাত ৷
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ এইসকল দাৱনি এতিয়া ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ গীতে মাতে হাতত কাঁচি লৈ পথাৰত নামিছে এইসকল দাৱনীয়ে ৷
মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনৰ পত্নী অলি মোহনৰ নেতৃত্বত "অনন্যা" নামৰ স্বেচ্ছাসেৱী সংগঠন উদ্যোগত মৰাণহাটৰ ধাননি পথাৰত শতাধিক মহিলাই একেলগে ধাননি পথাৰত এই দৰে এতিয়া ব্যস্ত সোণগুটি বুটলাত।১০০ গৰাকী মহিলাক উলিয়াই আনি এনেদৰে মহিলা সৱলীকৰণোত গুৰুত্ব মন্ত্ৰী পত্নীৰ । আজি ১০ বিঘা জঁহা ধান দালে মন্ত্ৰীপত্নীসহ ১০০ গৰাকী দাৱনীয়ে।
Comments