গুৱাহাটী,২৩ নৱেম্বৰ:কমলাৰ উপকাৰিতা সম্পর্কে প্ৰায়ভাগ লােকেই কম বেছি পৰিমাণে জ্ঞাত। প্ৰায়ভাগ লােকেই শীতৰ সময়ত দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তর্ভুক্ত কৰে।
■ ভিটামিন চি
কমলাত উচ্চ পৰিমাণে ভিটামিন চি উপলব্ধ । এটা কমলাই শৰীৰত প্ৰতিদিনৰ ১১৬.২ শতাংশ ভিটামিন চি সৰবৰাহ কৰে । ভিটামিন চিয়ে ক’ল’ন কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰে । কাৰণ ই আমাক ফ্ৰি ৰেডিকেল পোৱাত সহায় কৰে যিয়ে আমাৰ ডিএনএৰ ক্ষতি কৰে ।
■ স্বাস্থ্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ভিটামিন চি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঠিক ক্ৰিয়াকলাপৰ বাবেও দৰকাৰী । চৰ্দি-কাঁহ ৰোধ কৰাৰ লগতে সঘনাই হোৱা কাণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে উপকাৰী ।
■ গাৰ ছাল ভালে ৰাখে
কমলাত থকা এণ্টি-অ’ক্সিডেণ্টবোৰে গাৰ ছালত পৰা বৰ্ধিত বয়সৰ চাপ নিৰাময় কৰে । প্ৰতিদিনে এটা কমলা সেৱনে আপোনাক ৫০ বছৰ বয়সতো যুৱা দেখাত সহায় কৰে ।
■ চকুৰ স্বাস্থ্য ভালে ৰাখে
কমলা হৈছে কেৰ’টেন’ইড সমৃদ্ধ । ইয়াত উপলব্ধ ভিটামিন এই চকুৰ শ্লেষ্মা আৱৰণ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ভিটামিন এ বয়সৰ স’তে জড়িত মাস্কোলাৰ অৱক্ষয় ৰোধ কৰাৰ বাবে সহায়ক, যি চৰম অৱস্থাত অন্ধত্বৰ কাৰক হ’ব পাৰে । ই চক্ষুক পোহৰ শোষণত সহায় কৰে ।
■ কোষ্ঠকাঠিন্যৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান
কমলাত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় উভয় ফাইবাৰ উপলব্ধ । ই আমাৰ অন্ত্ৰ পেটৰ কাৰ্যকৰীতা মসৃণ ৰাখে । অশান্তিকৰ অন্ত্ৰ ছিণ্ড্ৰ’ম প্ৰতিৰোধত সহায়ক । অতিৰিক্ত ফাইবাৰে কোষ্ঠকাঠিন্য শীঘ্ৰে নিৰাময় কৰাত সহায় কৰে ।
■ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস
কমলা ডি-লেম’নিন সমৃদ্ধ । ডি-লেম’নিন এনে এক যৌগ যিয়ে হাওঁফাওঁত হোৱা কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগ, স্তন কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । কমলাত থকা ভিটামিন চি আৰু এণ্টি-অ’ক্সিডেণ্টবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । এইবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত সহায় কৰে । এক সমীক্ষা অনুসৰি, ডিএনএৰ মিউটেন্টৰ ফলতে ১৫ শতাংশ কৰ্কট ৰোগ হয় ইয়াক ভিটামিন চিৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি ।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments