Classifieds
View All
গুৱাহাটী,২১ নৱেম্বৰ: মণিপুৰ টেংনুপাল জিলাৰ খুডেংথাবি গাঁৱৰ ওচৰত অবৈধ সামগ্ৰী চলাচল আৰু নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহ সন্দৰ্ভত এক গোপন সূত্ৰৰ ভিত্তিত অসম ৰাইফলছ আৰু টেংনুপাল বেটেলিয়নৰ সৈন্যই (দক্ষিণ) নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত এটা অভিযান আৰম্ভ কৰিছিল।
এই যুটীয়া অভিযানৰ সময়ত, সুৰা, চোৰাং আচবাব, প্ৰসাধন সামগ্ৰী আৰু বৈদ্যুতিক সামগ্ৰী থকা মুঠ ৫১ টা পেকেজ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীৰ মুঠ আনুমানিক মূল্য প্ৰায় ৬৭.৯৩ লাখ টকা।উদ্ধাৰ কৰা সামগ্ৰীবোৰ পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে মোৰেহৰ শুল্ক বিভাগক হস্তান্তৰ কৰা হৈছে।
Comments