গুৱাহাটী,২১ নৱেম্বৰ:মাজুলী বুলিলে মনলৈ আহে শৰতৰ বিশেষ উৎসৱ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা যাৰ দৰ্শনৰ বাবে নদীদ্বীপটোলৈ আগমন হয় দেশী বিদেশী পৰ্যটকৰ । লক্ষ্মী পূৰ্ণিমাৰ দিনাই নাট মুকলি হোৱা আখৰাত ব্যস্ত হৈ পৰে শিল্পী কলা কৌশলিকে ধৰি মাজুলী বাসীক । মাজুলীৰ আকাশে বতাহে শুনিৱ পোৱা গৈছে কংসৰ গৰ্জন,দুৰ্ভগীয়া দৈৱকীৰ কৰুন বিননি , শিশু কৃষ্ণৰ ৰুন জুন শব্দ,কলীয়া কানাইৰ বংশীধ্বনি ।
ঐতিহ্য আৰু পৰম্পৰা বাহক ৰাসোৎসৱক একাংশ অনুষ্ঠানে ব্যৱসায় হিচাপে গঢ় দি তুলিছে। স্বাভাৱিকভাৱে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী ।খোল-তালৰ শব্দত শোৱাপাটী এৰা মাজুলীৰ মাজত শিল্পীৰ অভাৱ নাই। থলুৱা শিল্পীক বঞ্চিত কৰি ছবি জগত আৰু টেলিভিছন ধাৰাবাহিকৰ শিল্পীক আমন্ত্ৰণ কৰি ৰাসোৎসৱ উদযাপন কৰাটো কোনো কাৰনত যুক্তিসংগত নহয়।এইক্ষেএত বহু সমালোচনাৰ পিছতো একাংশ অনুষ্ঠানে শিল্পীৰ দ্বাৰা বিগত কেইবাটা বছৰ ৰাস উদযাপন কৰি অহা দিশটো লক্ষ্য কৰিলে দেখা যায় যে কেৱল মাত্ৰ দৰ্শকক আৰ্কশিত কৰিবৰ বাবে আৰু অধিক মূল্যত টিকট বিক্ৰী কৰি ব্যৱসায়িক দিশত লাভালাভ আদায় স্বাৰ্থতেই এনে কাৰ্য কৰি অহা যেন অনুভৱ কৰিছে।ধৰ্মীয় উৎসৱ এটাক একাংশ ব্যক্তিসমষ্ঠিৰ দ্বাৰা এনেদৰে ব্যৱসায়িক ৰূপত সজাই তোলাটো মাজুলীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক ।
Comments