গুৱাহাটী,২১ নৱেম্বৰ: আইপিএলৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শেহতীয়াকৈ তেওঁৰ দলক চতুৰ্থবাৰৰ বাবে আইপিএলৰ চেম্পিয়ন কৰাই ইতিহাস ৰচনা কৰিছিল।কিন্তু এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীসকলৰ মনত আহি থকা সবাতোকৈ ডাঙৰ প্ৰশ্নটো হ'ল
'কেপ্টেইন কুল' এম এছ ধোনীয়ে অনাগত চিজনত আইপিএল খেলিব নে অৱসৰ ল'ব।পিছে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এই বিষয়ত চেন্নাইৰ অনুষ্ঠানত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাহীয়ে কয়,'মই ইয়াৰ বিষয়ে চিন্তা কৰিম, ইয়াৰ বাবে যথেষ্ট সময় আছে,আমি বৰ্তমান নৱেম্বৰ মাহতহে আছো। আই পি এল ২০২২ চনৰ এপ্ৰিলত অনুষ্ঠিত হ'ব। সেইবাবে যথেষ্ট সময় আছে।"
তামিলনাডুৰ এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি ধোনীয়ে এই কথা অনুৰাগীক অৱগত কৰে।অনুষ্ঠানটোত সভাপতিত্ব কৰিছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে৷ ধোনীয়ে লগতে কয়,'মই আশা কৰোঁ মোৰ অন্তিমখন টি-২০ খেল চেন্নাইত অনুষ্ঠিত হওক।এইটো অহা বছৰ হ'ব নে পৰৱৰ্তী ৫ বছৰত হ'ব সেই বিষয়ে মই নাজানো।'
Comments