গুৱাহাটী, ২১ নৱেম্বৰ:১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে মহাত্মা গান্ধীয়ে আহমেদাবাদৰ সাবৰমতী আশ্ৰমৰ পৰা ৮০জন লোকৰ সৈতে দাণ্ডি অভিমূখে যাত্রা কৰিছিল।
সেইসময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ। সেই বয়সত প্ৰায় ৩৯০ কিলোমিটাৰ খোজকাঢ়ি সকলোকে স্তম্ভিত কৰা গান্ধীয়ে তেওঁৰ শৰীৰত কঢ়িয়াই লৈ ফুৰিছিল হাওঁফাওঁৰ ৰোগ, পাকস্থলীৰ ৰোগৰ দৰে ৩টা ভয়ংকৰ ৰোগ। কেৱল সেয়াই নহয়, গোটেই জীৱনজুৰি তেওঁ ভুগিছিল ৭টা বিপদজনক ৰোগত। ড° বলৰাম ভাৰ্গৱ আৰু ড° ৰজনীকান্তৰ এক প্রতিবেদনত উল্লেখ আছে মহাত্মাগান্ধীয়ে ভোগা ৭টা ৰোগৰ কথা। সেই ৰোগ কেইটা হ’ল-
হাঁওফাঁওৰ ৰোগ - ১৯১৪
ডিচেন্ট্ৰী- ১৯১৮ আৰু ১৯২৯ (দুবাৰকৈ)
মেলেৰিয়া- ১৯২৫, ১৯৩৬ আৰু ১৯৪৪(তিনিবাৰকৈ)
গেষ্ট্ৰিক ফ্লু- ১৯৩৯
ইনফ্লুৱেঞ্জা- ১৯৪৫
পাইলচৰ অপাৰেচন- ১৯১৯
এপেন্দিক্সৰ অপাৰেচন- ১৯২৪
কিন্তু, এটা পৰিবৰ্তনে মহাত্মাগান্ধীক কৰি ৰাখিছিল চিৰদিন স্বাস্থ্যৱান। ড° বলৰাম ভাৰ্গৱ আৰু ড° ৰজনীকান্তই জানিব দিয়া মতে, মহাত্মা গান্ধীয়ে ঔষধৰ প্ৰতিটো পদ্ধতিতেই বিশ্বাস কৰিছিল। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ প্ৰাকৃতিক চিকিৎসাক প্ৰাধান্য দিছিল। তেওঁ সুষম খাদ্য, শাৰীৰিক ব্যায়াম, উপবাস আদিৰ প্ৰতি যথেষ্ট সতৰ্ক আছিল।অৱশ্যে, তেওঁ শাৰীৰিক পৰীক্ষা আৰু গুৰুতৰ ৰোগবোৰ একেবাৰে উপেক্ষা কৰা নাছিল।
Comments