গুৱাহাটী,২৫ নৱেম্বৰ:মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১ গৰাকী বিধায়কৰ সৈতে যোগ দিলে তৃণমূল কংগ্ৰেছত ৷ চাংমা নেতৃত্বাধীন বিধায়কসকলে ইতিমধ্যে এই সন্দৰ্ভত মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত এই দলটোৱে তৃণমূল কংগ্ৰেছক সমৰ্থন জনোৱাৰ লগতে দলটোৰ হকে কাম কৰিব ৷ প্ৰায় এক দশকৰো অধিক সময় মেঘালয়ৰ শাসনৰ বাঘজৰী চম্ভালা কংগ্ৰেছে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত নেশ্যনেলিষ্ট পিপ’লছ পাৰ্টীৰ হাতত পৰাজিত হৈছিল ৷ ৰাজ্যখনৰ সদনৰ ৬০ খন আসনৰ বিপৰীতে লাভ কৰিছিল মাথো ১৯ খন আসন ৷
এই সন্দৰ্ভত কোনো স্থিতি বৰ্তমানলৈকে স্পষ্ট কৰা নাই মুকুল চাংমাই ৷ কিন্তু জানিব পৰা মতে, কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা মতানৈক্যৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷চাংমাৰ এই সিদ্ধান্তই ৰাজ্যখনত ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব, সেয়া সহজে অনুমেয় ৷ বিগত সময়চোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত ঘটি থকা ঘটনাসমূহ বিশ্লেষণ কৰি চালে এটা স্পষ্ট হয় যে, শেহতীয়াকৈ কেইবাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷
সম্প্ৰতি মেঘালয়ত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণো এ চাংমাৰ পুত্ৰ কনৰাড চাংমাৰ নেতৃত্বত এনপিপিয়ে শাসনভাৰ চলাই আছে ৷ এই দলটো বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অংশীদাৰ ৷মুকুল চাংমাৰ উপৰি তৃণমূলত যোগদান কৰা অন্যান্য বিধায়সকল হৈছে- চাৰ্লছ পিনগ্ৰোপ (নংথিম্মাই), হিমালয় শ্বাংপলিয়াং (মৌচিনৰাম), জৰ্জ বি লিংডোহ (উমৰোই), জে বি শিটলাং পালে (চুতংগা-চাইপুং), দিক্কাঞ্চি ডি শিৰা (মহেন্দ্ৰগঞ্জ), মিয়ানি ডি শিৰা (আমপতি), জেনিথ চাংমা (ৰংচাকোনা), মাৰ্থন জে চাংমা (মেন্দিপথাৰ), জিমি ডি চাংমা (টিক্ৰিকিল্লা), ৱিনাৰ্ছন ডি চাংমা (চলমানপাৰা) আৰু লাজাৰছ এম চাংমা ।
Comments