গুৱাহাটী ঃ ষ্টাফৰিপ’টর্া়ৰ, ২৪ নৱেম্বৰ ঃ বজাৰত জুই জ্বলিছে৷ মিঠাতেলৰ পৰা আৰম্ভ কৰি শাক- পাচলিলৈকে সকলো সামগ্রীৰে দাম আকাশলংঘী হৈ পৰিছে৷ একপ্রকাৰ দাম বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক৷ কিন্তু ইমানৰ পাছতো দাম বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্রত চূড়ান্তভাৱে ব্যর্থ হৈছে ৰাজ্য চৰকাৰখন৷ চৰকাৰখনে দাম বৃদ্ধি ৰোধৰ বাবে টাস্ক ফ’র্চ গঠন কৰিছিল যদিও ইয়াৰ ফলত ৰাইজৰ কোনো লাভ হোৱা নাই৷
একমাত্র ৰাইজক আভুৱা-ভাঁৰিবৰ বাবেই যে চৰকাৰখনে টাস্ক ফ’র্চ গঠন কৰিছিল সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷ অত্যাৱশ্যকীয় খাদ্য সামগ্রী আৰু বজাৰ নিয়ন্ত্রণৰ বাবে থকা চৰকাৰৰ বিয়াগোম বিভাগসমূহৰো যে কোনো কাম নাই সেয়াও এতিয়া ওলাই পৰিছে৷ প্রণিধানযোগ্য যে ৰাজ্য চৰকাৰখনে শাক-পাচলিৰ পাইকাৰী আৰু খুচুৰা বজাৰ নিৰীক্ষণ তথা তদাৰকীৰ বাবে একোটা টাস্ক ফ’র্চ গঠন কৰিবলৈ যোৱা ২৩ অক্টোবৰতে প্রতিখন জিলাকে নির্দেশ দিছিল৷
জিলা পৰিষদৰ মুখ্য কার্যবাহী সদস্য, জিলা কৃষি বিষয়া, যোগান বিভাগৰ উপ-সঞ্চালক, বজাৰ নিয়ন্ত্রক সমিতিৰ সচিবক জড়িত কৰি এই টাস্ক ফ’র্চ গঠন কৰিবলৈ কোৱা হৈছিল৷ কিন্তু বহুকেইখন জিলাত আজিও গঠন কৰা হোৱা নাই টাস্ক ফ’র্চ৷ আনহাতে একমাত্র গুৱাহাটী মহানগৰীৰ বাবে সুকীয়াকৈ গঠন কৰা হৈছিল চাৰিটাকৈ টাস্ক ফ’র্চ৷ পিছে এই টাস্ক ফ’র্চসমূহ ঠিকেই গঠন কৰা হ’ল যদিও দাম বৃদ্ধিৰ পৰা সকাহ নাপালে মহানগৰবাসীয়ে৷ আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীত শাক-পাচলিকে ধৰি আন আন খাদ্য সামগ্রীৰ দাম আকাশলংঘী হৈয়ে আছে৷
আজিৰ দিনটোতে খুচুৰা বজাৰত প্রতিকিল’ পিঁয়াজৰ দাম হৈছে ৬০ টকা৷ একেদৰে আজিৰ দিনটোতে গুৱাহাটীত বিলাহীৰ দাম হৈছে প্রতি কিল’গ্রামত ৮০ টকা৷ প্রতি কিল’গ্রাম ফুলকবি আৰু বন্ধা কবি ৫০ টকা, গাজৰ ৮০ টকা, বিন ৮০ৰ পৰা ৯০ টকা, বেঙেনা ৪০-৬০ টকা আৰু লেছেৰা ৬০ টকাকৈ প্রতিকিল’গ্রামত বিক্রী হৈ আছে৷ অথচ বৰপেটা বা খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ অহা এই শাক-পাচলিসমূহ উৎসথলীতআধাতকৈও কম দামত বিক্রী হৈ আছে৷ অথচ এই ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰি চকুমুদা কুলিৰ ভাও দি আছে টাস্ক ফ’র্চসমূহে৷ এনে পৰিস্থিতিত টাস্ক ফ’র্চ গঠন যে এক ভেঁকো-ভাওনাহে আছিল সেই কথা এতিয়া দেখ দেখকৈ ওলাই পৰিছে৷
Comments