Cartoon
View Older
গুৱাহাটী,২৪ নৱেম্বৰ:দেশত বিলাহীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে।এই বৃদ্ধি যোৱা কেইবাদিনো ধৰি অপৰিবৰ্তিত হৈ আছে।দেশৰ বহুতো চহৰত বিলাহীৰ মূল্য ১৫০ টকা প্ৰতি কিলোগ্ৰাম অতিক্ৰম কৰিছে। দেশৰ বহুতো ৰাজ্যত হোৱা বৰষুণে বিলাহীৰ মূল্য আকাশচুম্বী কৰি তুলিছে।দক্ষিণ ভাৰতত মাত্ৰ কেইদিনমান আগতে হোৱা ধাৰাসাৰ বৰষুণে বিলাহীৰ চাহিদা যথেষ্ট পৰিমাণে হ্ৰাস কৰাইছিল।
চেন্নাইত প্ৰতি কিলোগ্ৰামত বিলাহীৰ মূল্য ১৬০ টকা,দক্ষিণৰ ৰাজ্যসমূহত খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ১২০ টকা,দেশৰ ৰাজধানীত প্ৰতি কিলোগ্ৰামত ৭২ টকা হ'ব আনহাতে দেশৰ প্ৰায় চহৰতেই বিলাহীৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ৮০ টকা,পুডুচেৰীৰ প্ৰতি কিলোগ্ৰামত ৯০ টকা, বাংগালুৰুৰ প্ৰতি কিলোগ্ৰামত ৮৮ টকা আৰু হায়দৰাবাদৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৬৫ টকালৈ বৃদ্ধি পায়।
Comments