Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6531

ফ্ৰিজত থৈ দিয়া আটাই কঢ়িয়াই আনিব পাৰে বহুটো ৰোগ, জানক সবিশেষ


Published on November 25, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মাজনিশা হঠাতে টোপনিৰ পৰা সাৰ পোৱাৰ পাঁচটা মূল কাৰণ


Published on November 24, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৪ নৱেম্বৰঃ গোটেই দিনটো ব্যস্ত জীৱনৰ ক্লান্তি উপশম কৰিবলৈ ভালকৈ টোপনি মৰাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু বৰ্তমানৰ সময়ত, সামাজিক মাধ্যমৰ অত্যাধিক আসক্তিৰ বাবে, মামুহবোৰে নিশা পলমকৈ শুৱে। তাৰ পিছত যিকোনো ধৰণে শুবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া টোপনি ভালদৰে নহয়, তেনে ক্ষেত্রত মানুহজন খিংখিঙীয়া স্বভাৱৰ বা খং বৃদ্ধি হয়। কিয়নো এবাৰ টোপনি মৰাৰ সময়ত ভংগ হ'লে পুনৰ এবাৰ টোপনি যোৱাটো অতি কঠিন। এই ক্ষেত্ৰত, মানুহবোৰ ক্ৰমান্বয়ে বহুতো ৰোগৰ চিকাৰ হয়। 

যদি কেতিয়াবা কাৰোবাৰ টোপনি যায় থাকোতে ভংগ হয় তেন্তে এয়া স্বাভাৱিক প্ৰক্ৰিয়া হ'ব পাৰে। কিন্তু যদি প্ৰতিদিনে কাৰোবাৰ সৈতে এনে হয়, তেন্তে সেই মানুহজন অলপ সতৰ্ক হোৱাটো উচিত। দৰাচলতে, মানুহৰ দৈনন্দিন জীৱনত এনে বহুতো ঘটনা ঘটে যাক সাধাৰণতে স্বাভাৱিক ঘটনা বুলি বিবেচনা কৰা হয়। কিন্তু সেইবোৰে কেতিয়াবা স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে। 

নিশা হঠাতে টোপনিৰ পৰা সাৰ পোৱাৰ ৫ টা মূল কাৰণঃ

১. মানসিক চাপ

মানসিক চাপৰ ফলত সাধাৰণতে নিদ্ৰাহীনতাও হয়। চিকিৎসকৰ মতে, প্ৰায় ১৭ শতাংশ মহিলাই মানসিক চাপত ভুগিবলৈ আৰম্ভ কৰে। তেওঁলোকে দিনটোত কি ঘটি থাকে ভালদৰে অনুভৱ কৰিব নোৱাৰে। কিয়নো হতাশাৰ লক্ষণবোৰ অতি স্বাভাৱিক, যাৰ ভিতৰত আছে নেতিবাচক চিন্তা, অত্যাধিক উদ্বেগ, শক্তিৰ অভাৱ আৰু শৰীৰৰ বিষ। 

২. সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ

মানুহে শুবলৈ যোৱাৰ আগতে সামাজিক মাধ্যমৰ জগতখনত সোমাই পৰে। যাৰ ফলত টোপনিৰ সময় নষ্ট কৰে লগতে চকুত পৰা ম'বাইলৰ পোহৰৰ ফলত, শৰীৰে মেলাটোনিন আৰু টোপনিৰ হৰমন সৃষ্টি হোৱা প্ৰতিহত কৰে, যি টোপনি যোৱাত ব্যাঘাত জন্মায়। 

৩. শুবলৈ যোৱাৰ আগতে সুৰা সেৱন কৰা

কিছুসংখ্যক মানুহে শুবলৈ যোৱাৰ আগতে সামান্য পৰিমাণৰ সুৰা সেৱন কৰে, ই টোপনি যোৱাত সহায় কৰে। কিন্তু অত্যাধিক সুৰা সেৱনে শৰীৰত টোপনি প্ৰতিহত কৰা ৰাসায়নিক এডিনোচিন উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত এজন ব্যক্তি নিশা সঘনাই টোপনিৰ পৰা সাৰ পাই উঠে।

৪. স্লিপ এপনিয়া

ই হৈছে টোপনি সম্পৰ্কীয় ৰোগ, যাৰ ফলত মানুহৰ টোপনি কমকৈ হয় আৰু মাজনিশা টোপনিৰ পৰা সাৰ পাই উঠে। এই ৰোগত আক্রান্ত, ব্যক্তিজনে নিশা সঘনাই উশাহ লোৱা বন্ধ কৰে, যাৰ ফলত তেওঁ অলপ সময়ৰ বাবে সাৰ পায় উঠে। 

৫. থাইৰইডৰ সমস্যা

থাইৰইডত ভুগি থকা ৰোগীসকলেও এই সমস্যাৰ সন্মুখীন হয়। থাইৰইডৰ ফলত হৰ্মনৰ ভাৰসাম্য হীনতা হয়, যি টোপনিক প্ৰভাৱিত কৰে। যেতিয়া থাইৰইড অত্যাধিক সক্ৰিয় হয়, শৰীৰৰ হৃদযন্ত্ৰ দ্ৰুতভাৱে কাম কৰিবলৈ লয়, যাৰ ফলত শৰীৰত এড্ৰেনালিন হৰমন বৃদ্ধি হৈ পৰে আৰু অনিদ্ৰা আৰু উদ্বেগ বৃদ্ধি হয়।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Cartoon
View Older

 

December 1, 2021


Entertainment
View Older


From Our Archive

Create Account