Classifieds
View All
গুৱাহাটী,২৬ নৱেম্বৰ:দেশত কৰ'নাৰ সংক্ৰমনৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে, কিন্তু প্ৰতিদিনে চিনাক্ত হৈ থকা নতুন ঘটনাবোৰলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ভাৰতৰ পৰা ক'ভিড-১৯ ৰ ভাবুকি এতিয়াও আঁতৰা নাই।
দৈনিক প্ৰায় ৯,০০০ ৰো অধিক সংক্ৰমনৰ ঘটনা চিনাক্ত হোৱাৰ পিছত বিশেষজ্ঞসকলে সকলোকে সতৰ্ক কৰি দিছে আৰু সকলোকে সম্পূৰ্ণৰূপে সাৱধানতা অৱম্বন কৰিবলৈ অনুৰোধ জনাইছে।স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যদিও কৰ'নাৰ ঘটনা হ্ৰাস পাইছে কিন্তু তৃতীয় লহৰৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।ভাৰতত বিগত ২৪ ঘণ্টাত ১০,৫৪৯ জন লোক নতুনকৈ কৰ'নাত আক্ৰান্ত হৈছে। ৯,৮৬৮ জন লোক আৰোগ্য হলেও ৪৮৮ জন লোকৰ মৃত্যু হৈছে।
Comments