গুৱাহাটী,২৬ নৱেম্বৰ:বৰ্তমান শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত ইণ্টাৰনেট আৰু অনলাইন ব্যৱস্থাৰ প্ৰভাৱ সৰ্বজনবিদিত। বিশেষকৈ কৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাৱে হোৱাৰ পৰা সকলোৱে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত অনলাইনমুখী হ'বলৈ প্ৰায় বাধ্য হৈ পৰিছে। এইক্ষেত্ৰত স্কুলীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলো বাদ পৰা নাই। কিন্তু শিক্ষাগ্ৰহণৰ নামত ইণ্টাৰনেট সেৱাৰ ব্যৱহাৰ হ'বলৈ লৈছে যদিও অসমীয়া ভাষাত এতিয়াও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত আৰু গুণগত মানৰ পাঠদান আৰু পঠনসামগ্ৰী উপলব্ধ নহয়। অধিকাংশ ছাত্ৰী-ছাত্ৰীয়ে নিজৰ শিক্ষকে হোৱাটছ্ এপ যোগে যোগান ধৰা নোট/দুই-এটা ভিডিঅ'ৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু ইংৰাজী, হিন্দী আদি ভাষাত খান একাডেমী, বাইজুছ আদিৰ দৰে অতি উন্নতমানৰ ৱেবচাইট আৰু এপ উপলব্ধ আছে, য'ত সকলো বিষয় অতি মনোগ্ৰাহী আৰু সহজভাৱে বুজোৱা হয়।
অসমীয়া মাধ্যমৰ ক্ষেত্ৰখনত থকা সেই অভাৱকে শেহতীয়াকৈ পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে নৱপ্ৰজন্মৰ কেইগৰাকীমান যুৱকে। কিছুদিনপূৰ্বে তেওঁলোকে Vertex World নামৰ ম'বাইল এপ্লিকেশ্বন এটা গুগল প্লে' ষ্টোৰত মুকলি কৰি দিছে, য'ত নৱম-দশম শ্ৰেণীৰ সকলো বিষয়ৰ পাঠদান আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ কলা শাখাৰ বিষয়সমূহৰ পাঠদানো ইতিমধ্যে উপলব্ধ হৈছে। উচ্চশিক্ষিত প্ৰায় পোন্ধৰ গৰাকী যুৱ শিক্ষক-শিক্ষয়িত্ৰীয়ে ভিডিঅ'ৰ জৰিয়তে আগবঢ়োৱা এই পাঠদানসমূহ অতি মনোগ্ৰাহী আৰু সহজবোধ্য হৈছে। প্ৰতিটো বিষয়ৰ প্ৰতিটো অধ্যায়ক প্ৰায় ১৫-২০ মিনিটৰ কেইবাটাও ভিডিঅ'ত ভগাই উপস্থাপন কৰা হৈছে যাতে ছাত্ৰী-ছাত্ৰীসকলে নিজৰ সময়-সুবিধা অনুযায়ী শিক্ষালাভ কৰিব পাৰে, আৰু ভিডিঅ'সমূহৰ দৈৰ্ঘ্য দেখিও বিৰক্ত হ'বলগীয়া নহয়। তদুপৰি প্ৰায়বোৰ বিষয়ৰ বাবে শিক্ষকসকলে প্ৰস্তুত কৰা গুণগত মানৰ পঠন সামগ্ৰীও এপটোত যোগান ধৰা হৈছে।
উল্লেখনীয় যে ছাত্র-ছাত্রীসকলে অতি কম মাচুল ব্যয় কৰি Vertex World এপৰ জৰিয়তে অনলাইন মাধ্যমত শিক্ষা গ্ৰহণ কৰিব পাৰিব। তেওঁলোকে প্ৰতিটো বিষয় কেৱল ৫০টকাত লাভ কৰাৰ বিপৰীতে প্ৰতিটো শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম কেৱল ৪৫০ টকাত লাভ কৰিব পাৰিব। বৰ্তমান সময়ত নৱম-দশম শ্ৰেণীৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা শিক্ষক বা টিউশ্বনৰ জৰিয়তে শিক্ষাগ্ৰহণ কৰা দেখা যায়। তাৰ তুলনাত এপটোৱে যোগান ধৰা পূৰ্ণাংগ পাঠ্যক্ৰমৰ মূল্য যথেষ্ট কম বুলি ক'ব পাৰি। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈ আন শ্ৰেণীসমূহৰ পাঠদান আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও পাঠদান কৰা হ'ব। এপটোৰ জৰিয়তে শিক্ষাগ্ৰহণ কৰিবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে প্লে' ষ্টোৰৰ পৰা Vertex World এপটো ডাউনলোড কৰাৰ লগতে তেওঁলোকৰ ইউটিউব চেনেলটোৰ পৰাও বিনামূল্যে পাঠদানৰ মানদণ্ড পৰীক্ষা কৰি চাব পাৰিব।
Comments