Classifieds
View All
গুৱাহাটী, ২৬ নৱেম্বৰ:শুকুৰবাৰে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰীত উচ্ছেদ অভিযান আৰম্ভ হয়। গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰুপ বিৰকমীয়াৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলোৱা হৈছে।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে আৰম্ভ হৈছে এই উচ্ছেদ অভিযান।গৰৈমাৰীৰ বজাৰৰ পথৰ দুয়োকাষে অবৈধ ভাবে গঢ়ি উঠা দোকান সমূহটো হাতোৰা পৰিছে প্ৰশাসনৰ। অবৈধ ভাবে বেদখল কৰা ভূমিত স্থাপন কৰা দোকান জেচিবি লগাই ভাঙি দিয়া হৈছে৷ যান-বাহনৰ পাৰ্কিঙৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে প্ৰশাসন৷চৰকাৰী ভূমি খালী কৰাৰ বাবেই এই উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। বৰ্তমানলৈ ১০ খন মান দোকান উচ্ছেদকৰাা হৈছ৷
Comments