গুৱাহাটী,২৪ নৱেম্বৰ:আজি বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰত শিক্ষামন্ত্রী ৰণোজ পেগুৱে হঠাৎ উপস্থিত হৈ শালবাৰী মহাবিদ্যালয়, শালবাৰী চিকিৎসালয়, শালবাৰী মহকুমাৰ কাৰ্যালয়ৰ লগতে সাউদৰভিঠা প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰে । পৰিদৰ্শন কৰি মন্ত্রী পেগুৱে সংবাদ মাধ্যমৰ স’তে হোৱা আলোচনাত কয়, “কাইলৈ বঙাইগাঁৱত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।
প্ৰতিমাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত কেবিনেট বৈঠকখন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হয় । গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত প্ৰতিখন কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ আগতে মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি আমি এখন মহকুমা পৰিদৰ্শন কৰিব লাগে হেতুকে আজি আমি বাগসা জিলাৰ শালবাৰী মহকুমা পৰিদৰ্শন কৰিলো । ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্রী মহোদয়ক দিম । আনহাতে, কেবিনেট বৈঠকৰ পৰা উভতি যোৱাৰ পিছতো আমি এখনকৈ মহকুমা পৰিদৰ্শন কৰিব লাগে । ইয়াৰ জৰিয়তে বিভিন্ন জিলা মহকুমাৰ বিষয়ে প্ৰত্যক্ষভাৱে নীৰিক্ষণ কৰি আমাৰ লগতে জিলা মহকুমাৰ কাৰ্যালয় বিষয়া সকলো উপকৃত হ’ব ৷’
সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘টেট এটা নেৰানেপেৰা প্ৰক্ৰিয়া ৷ যেতিয়াই তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী নথিপত্ৰ পুনৰীক্ষণ হয় ৷ কালিৰ পৰা অসমৰ সকলো কেটেগৰীৰ শিক্ষকক এটা প’ৰ্টেলত নিজৰ নিজৰ তথ্যপাতি পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে ৷ ইয়াৰ উদ্দেশ্য-বদলীকৰণ।তাৰ লগে লগে শিক্ষকসকলৰ যি মেনেজমেণ্ট, ক’ত তেওঁলোক নিযুক্ত হ’ব, ক’ত বেছি শিক্ষক, ক’ত কম শিক্ষক আছে সেই ব্যৱস্থাপনাৰ বাবে প’ৰ্টেলৰ ব্যৱস্থা কৰিছো।প’ৰ্টেলত যি অতি প্ৰয়োজনীয় নথিপত্ৰ যেনে প’ষ্ট গ্ৰেজুৱেট, বিএড, ডিএলএড, টেট আদিৰ তথ্য শিক্ষকসকলে আপলোড কৰিব লাগিব ৷ আপলোড কৰা প্ৰক্ৰিয়াত তাৰ পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ যিহেতু টেটক লৈ দুই এটা কেছ ধৰা পৰিছে, ভুৱা চাৰ্টিফিকেটৰ কথা ওলাইছে ৷ গতিকে সেয়া সতৰ্কতাৰে পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ ভুৱা টেটক লৈ বিটিএডিতে নহয় ৰাজ্যখনতে ব্যৱস্থা হাতত লোৱা হ’ব ৷’
Comments