Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6537

এখন বিশেষ গাওঁ, য'ত বয়স বাঢ়ি অহাৰ লগে লগে ছোৱালী পৰিৱৰ্তিত হয় ল'ৰালৈ


Published on November 24, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ভেকছিনৰ দুয়ো পালি গ্ৰহণ কৰা লোকসকলৰ বাবে সুঃখবৰ, সুৰা ক্ৰয়ৰ ওপৰত ১০ শতাংশ ৰেহাই


Published on November 24, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৪ নৱেম্বৰঃ মধ্য প্ৰদেশৰ মান্দসৌৰ জিলা প্ৰশাসনে ছিটাকৰণৰ প্ৰচাৰৰ বাবে কৰা এক ঘোষণাই শিৰোনাম দখল কৰিছে। ঘোষণাটোত কোৱা হৈছে যে যিসকল লোকে ক'ৰনা ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকক সুৰা ক্ৰয়ৰ ওপৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। অৱশ্যে, ইয়াৰ বাবে সংশ্লিষ্ট ব্যক্তিজনে ছিটাকৰণ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব। জিলা আবকাৰী বিভাগে কয় যে, ক'ভিড-১৯ ছিটাকৰণত সহযোগিতা আৰু দুয়োটা পালিৰ প্ৰমাণপত্ৰ দাখিলৰ বাবে থলুৱা সুৰাৰ দোকানত ১০ শতাংশ ৰেহাই প্ৰদান কৰা হ'ব।

মান্দসৌৰ জিলা আবকাৰী বিষয়া অনিল চাচানে উক্ত বিষয় সন্দৰ্ভত কৈছিল যে, "যিসকলে ক'ভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰে তেওঁলোকক ১০ শতাংশ ৰেহাই দিয়া হ'ব। এই ৰেহাই সীতামৌ গেট, ভূঞাখেদী আৰু পুৰণি বাছ ষ্টেণ্ডত অৱস্থিত সুৰাৰ দোকানত প্ৰযোজ্য হ'ব। দৰাচলতে, মান্দসৌৰৰ লোকসকলে ভেকছিনৰ আন এটা পালি গ্ৰহণ কৰা নাই। জিলা প্ৰশাসনৰ প্ৰচেষ্টা স্বত্বেও, ছিটাকৰণৰ লক্ষ্য পূৰণ কৰা হোৱা নাই। সেয়েহে প্ৰশাসনে এই অদ্ভুত ধৰণৰ ঘোষণা কৰিছে। 


আবকাৰী বিষয়া অনিল চাচানে লগতে কৈছিল যে, "আঁচনিখনৰ অপব্যৱহাৰ যাতে নহয় তাৰ বাবে বিশেষ যত্ন লোৱা হ'ব। যদি এই পৰীক্ষাটো সফল হয়, ইয়াক জিলাখনৰ আন অংশতো কাৰ্যকৰী কৰা হ'ব।" অৱশ্যে, ঘোষণাটোক লৈ বিতৰ্কও আৰম্ভ হৈছে। মান্দসৌৰৰ বিধায়ক যশপাল সিং চিছোদিয়াই এইটোত আপত্তি জনাই কৈছে যে, "এনেধৰণৰ ঘোষণা কৰাটো উচিত নহয়। এয়া চৰকাৰৰ সিদ্ধান্ত নহয় আৰু ই সুৰাপানৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি কৰিব।"
 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 2, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account