গুৱাহাটী,২৪ নৱেম্বৰঃভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তথা প্রাক্তন ভাৰতীয় ক্রিকেটাৰ গৌতম গম্ভীৰক হত্যা ভাবুকি দিয়াৰ অভিযোগ উথাপন হৈছে।ইমেইলৰ জৰিয়তে ,বিশ্বকাপজয়ী প্রাক্তন ভাৰতীয় ক্রিকেটাৰজনলৈ আহিছে এই মৃত্যুৰ ভাবুকি। কাশ্মীৰৰ এটা বৃহৎ সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছ নামৰ সংগঠনটোৰ পৰা আহিছে এই ইমেইল।বুধবাৰে সংবাদ সংস্থা এ এন আইক জনোৱা অনুসৰি গৌতম গম্ভীৰলৈ আই এছ আই এছ ফালৰ পৰা হত্যাৰ ভাবুকি অহাৰ পিছতে এক গভীৰ আশংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
বৰ্তমান দিল্লী আৰক্ষীৰ দ্বাৰস্থ হৈছে গৌতম গম্ভীৰ আৰু লগতে গম্ভীৰৰ বাসগৃহৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে।পত্রখনত লিখা অনুসৰি সন্ত্ৰাসবাদী দলটোৱে অতিশীঘ্রেই তেওঁক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিজেপি সাংসদগৰাকীয়ে উল্লেখ কৰিছিল যে সীমান্তত সন্ত্ৰাসবাদ শেষ নোহোৱালৈকে পাকিস্তানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগে।লগতে তেওঁ ভাৰতীয় সৈনিকসকলৰ জীৱন আন যিকোনো বস্তুতকৈ অধিক গুৰুত্বপূৰ্ণ বুলিও ব্যক্ত কৰিছিল।
বিগত বছৰ জম্মু-কাশ্মীৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কৰা মন্তব্যৰ বাবে পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিক তীব্ৰ সমালোচনা কৰিছিল গৌতম গম্ভীৰে ।
Comments