গুৱাহাটী,২৮ নৱেম্বৰ:অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা ৷ নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই ৷ এই নতুন নিয়ম কাৰ্যকৰী কৰিছে ছেবাই ৷ছেবাই বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জাননী জাৰি কৰিছে ৷ ছেবাই জাৰি কৰা জাননী অনুসৰি ২০২১ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব পৰা নাছিল ৷
সেইবাবে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷লগতে মেট্ৰিক আৰু হাই মাদ্ৰাছ পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ ডিচেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত ছয়মাহিলী পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ’ব বুলিও ছেবাই জানিবলৈ দিয়ে ৷ দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষা নিদিয়া ছাত্ৰ-ছাত্ৰী সকলক ২০২২ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প-পত্ৰ পূৰণ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি ছেবাই জনায় ৷
ছেবাই বিদ্যালয়সমূহক ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে কোৱা হৈছে যে, বিশেষ ছমহীয়া পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ নম্বৰৰ লগতে অন্যান্য ৰেকৰ্ডবোৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলৰ পূৰ্বৰ ছমহীয়া পৰীক্ষাৰ ৰেকৰ্ডো এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব ৷
Comments