জগদুৱাৰ , ২৮ নৱেম্বৰঃ যোৰহাট জিলাৰ টীয়ক শাখা সাহিত্য সভাৰ উদ্যোগত আজি টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰয়াত চিদানন্দ বৰুৱাৰ স্মৃতিত " জীৱন আৰু শিক্ষাৰ বাটেৰে" নামৰ এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিজন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে। টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠানটো আঁত ধৰে টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশীল কুমাৰ বৰাই।
সভাৰ আৰম্ভনিতে কবি সনন্ত তাঁতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে টীয়কৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুখ্যেশ্বৰ বৰা আৰু চিদানন্দ বৰুৱাৰ সহধৰ্মিনী মিনতি বৰুৱাই । "জীৱন আৰু শিক্ষাৰ বাটেৰে" নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে টিংখং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ যতীন কোঁৱৰে।
কাকজান মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ অকন চন্দ্ৰ শইকীয়াৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা সভাত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাতুল চন্দ্ৰ বৰা, চৰকাৰী পেঞ্চন প্ৰাপ্ত সাংবাদিক ললিত বৰা, সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক যোগেশ ওজা,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া সভাত উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায়। উক্ত সভাতেই টীয়ক শাখা সাহিত্য সভাই এই বৰ্ষৰ বাবে বিশিষ্ট চিত্ৰশিল্পী তথা অধ্যাপক ডঃ ভাৰত বৰাক প্ৰজ্ঞা সাধনা বঁটা, মুদৈজান শ্ৰীশ্ৰী কমলাবাৰী শাখা সত্ৰৰ বৰবায়ন তথা সাংবাদিক দিলীপ ভূঞাক সংগীত সাধনা বঁটা আৰু টীয়কৰ বিশিষ্ট ব্যৱসায়ী, সমাজ কৰ্মী ৰাম অৱতাৰ বিহানীক সামাজ সমন্বয়ৰ বঁটা প্ৰদান কৰে।যোৰহাট জিলাৰ টীয়ক শাখা সাহিত্য সভাৰ উদ্যোগত আজি টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰয়াত চিদানন্দ বৰুৱাৰ স্মৃতিত " জীৱন আৰু শিক্ষাৰ বাটেৰে" নামৰ এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিজন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে। টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠানটো আঁত ধৰে টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশীল কুমাৰ বৰাই। সভাৰ আৰম্ভনিতে কবি সনন্ত তাঁতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে টীয়কৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুখ্যেশ্বৰ বৰা আৰু চিদানন্দ বৰুৱাৰ সহধৰ্মিনী মিনতি বৰুৱাই । "জীৱন আৰু শিক্ষাৰ বাটেৰে" নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে টিংখং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ যতীন কোঁৱৰে।
কাকজান মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ অকন চন্দ্ৰ শইকীয়াৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা সভাত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাতুল চন্দ্ৰ বৰা, চৰকাৰী পেঞ্চন প্ৰাপ্ত সাংবাদিক ললিত বৰা, সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক যোগেশ ওজা,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া সভাত উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায়। উক্ত সভাতেই টীয়ক শাখা সাহিত্য সভাই এই বৰ্ষৰ বাবে বিশিষ্ট চিত্ৰশিল্পী তথা অধ্যাপক ডঃ ভাৰত বৰাক প্ৰজ্ঞা সাধনা বঁটা, মুদৈজান শ্ৰীশ্ৰী কমলাবাৰী শাখা সত্ৰৰ বৰবায়ন তথা সাংবাদিক দিলীপ ভূঞাক সংগীত সাধনা বঁটা আৰু টীয়কৰ বিশিষ্ট ব্যৱসায়ী, সমাজ কৰ্মী ৰাম অৱতাৰ বিহানীক সামাজ সমন্বয়ৰ বঁটা প্ৰদান কৰে।
Comments