গুৱাহাটী,২৯ নৱেম্বৰ:“আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত ঘোষণা হ’ব টেট’ পৰীক্ষাৰ ফলাফল। কোনো প্ৰাৰ্থীয়ে প্ৰলোভনত ভুল নাযাব। টকা লৈ কোনেও টেট’ উত্তীৰ্ণ কৰাই দিয়াৰ ক্ষমতা নাই।” এই মন্তব্য অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
ওদালগুৰিত বিজেপি অনুসূচীত জনজাতি মৰ্চাৰ এক কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে।লগতে তেওঁ কয় যে, “ধনৰ বিনিময়ত টেট’ উত্তীৰ্ণ কৰাই দিয়াৰ নামত এটা চক্ৰ বৰ্তমানেও সক্ৰিয় হৈ আছে। বিভিন্নজনলৈ চক্ৰটোৱে মেছেজ প্ৰেৰণ কৰিছে। এই চক্ৰটোৰ জালত যাতে কোনেও নপৰে সকলোকে মই শিক্ষামন্ত্ৰী হিচাপে আহ্বান জনাইছো।”
এই চক্ৰটোৰ স’তে জৰিত মুৰব্বী ইতিমধ্যে চিআইডিৰ জালত পৰিছে। চক্ৰটোৰ স’তে জৰিত আন আন লোককো ইতিমধ্যে বিচাৰি থকা হৈছে যদিও ইয়াৰে একাংশই বৰ্তমান পলাতক অৱস্থাত আছে।পলাতক অৱস্থাত থকাৰ পাছতো তেওঁলোকে কিছু কিছু লোকলৈ এই প্ৰলোভনৰ বাৰ্তা প্ৰেৰণ কৰি আছে। গতিকে টেট’ প্ৰাৰ্থীসকল সজাগ হ’ব লাগে।
কোনেও ধনৰ বিনিময়ত টেট’ পাছ কৰাই দিয়া অথবা টেট’ৰ নম্বৰ বৃদ্ধি কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে প্ৰাৰ্থীসকলে নিজে লিখা পৰীক্ষাৰ ওপৰত আস্থা ৰাখি ফলাফলৰ আশা কৰক।শিক্ষা বিভাগে শীঘ্ৰে অৰ্থাৎ ডিচেম্বৰৰ ভিতৰত টেট’ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।” ইফালে প্ৰাথমিক শিক্ষকসকলে চাকৰি নিয়মীয়াকৰত তথা গ্ৰেড পে বৃদ্ধিৰ বাবে আন্দোলনক কাৰ্যসূচী হাতত লোৱাৰ চৰ্চা অব্যাহত থকাৰ সময়তে আন্দোলন সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয় যে ,”প্ৰাথমিক শিক্ষক সংগঠনৰ স’তে ইতিমধ্যে মই দুবাৰকৈ আলোচনাত মিলিত হৈছো।
Comments