গুৱাহাটী, ২৯ নৱেম্বৰঃ চীনৰ উহান চহৰৰ পৰা বিয়পি পৰা ক'ৰনা ভাইৰাছে আজি সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। কোৱা হয় যে চীনা লোকসকলৰ অদ্ভুত খাদ্যভ্যাসৰ ফলত বহুতো ৰোগ হয়। অদ্ভূত খাদ্য খোৱাৰ বাবে চীন বিশ্বৰ ভিতৰতে আটাইতকৈ ওপৰত। ঠিক তেনেদৰে চীনৰ লোকসকলে আন এক অদ্ভুত কাণ্ড কৰা খবৰ পোৱা গৈছে।
এক বিশেষ প্ৰতিবেদন অনুসৰি, চীনৰ লোকসকলে এতিয়া তেওঁলোকৰ সন্তানক 'কুকুৰাৰ তেজ' (চিকেন ব্লাড ইঞ্জেকচন) বেজী দিয়াৰ বাবে আগ্ৰহী হৈ পৰিছে। শুনিবলৈ আচৰিত যেন লাগিলেও ই সম্পূৰ্ণ সত্য। চীনৰ লোকসকলে যিকোনো ৰোগৰ পৰা বাচি থাকিবলৈ তেওঁলোকৰ সন্তানক কুকুৰাৰ তেজ দেহত বেজীৰে সুমুৱাই দি আছে।
এনে কাণ্ড কৰাৰ মূল কাৰণটো হ'ল চীনৰ মানুহবোৰে বিশ্বাস কৰে যে এনে কৰিলে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সকলোধৰণৰ সমস্যা আঁতৰ হ'ব। লগতে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ শক্তিশালী সন্তান অৰ্থাৎ 'চুপাৰ কিড' হৈ পৰিব। সেইকাৰণে চীনৰ মানুহবোৰে এনে ধৰণৰ অদ্ভুত কাম কৰি আছে। চীনৰ অভিভাৱকসকলে তেওঁলোকৰ সন্তানক তেওঁলোকৰ শৰীৰটো সক্রিয় আৰু শক্তিশালী কৰি তুলিবলৈ কুকুৰাৰ তেজৰ বেজী দি আছে। চীনা লোকসকলেও 'কুকুৰাৰ তেজ' সম্পৰ্কে বিভিন্ন ধৰণৰ দাবী কৰি আছে। তেওঁলোকে কয় যে, "এই বেজীয়ে কৰ্কট ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰিব।"
ইয়াৰ উপৰিও, চীনৰ লোকসকলে ইয়াক ক'ৰনা ভাইৰাছৰ বাবেও উপকাৰী বুলি বিবেচনা কৰি আছে। চীনৰ মানুহে বিশ্বাস কৰে যে কুকুৰাৰ তেজত ষ্টেৰইড পোৱা যায়। শিশুৰ বাবে অধ্যয়ন আৰু ক্ৰীড়া ক্ষেত্রত ষ্টেৰইডে মগজু দ্ৰুত কৰি তুলে। সেইকাৰণে চীনত শিশুসকলক এই বেজী দিয়াৰ বাবে এটা সকলো আগ্ৰহী হৈ পৰিছে। ইয়াত, আনক এনে কৰা দেখি, প্ৰতিজন অভিভাৱকে তেওঁলোকৰ সন্তানক কুকুৰাৰ তেজৰ বেজী দি আছে।
Comments