গুৱাহাটী, ২৯ নৱেম্বৰঃ ক'ৰনা ভাইৰাছৰ আন এটা নতুন প্ৰকাৰ ওমাইক্ৰন পোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ লগতে সমগ্ৰে বিশ্বতে তৃতীয় ঢৌৰ আশংকা বৃদ্ধি হৈছে। এই নতুন প্ৰকাৰ সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ এজন চিকিৎসকে প্ৰকাশ কৰিছে যে, নতুন ক'ভিড প্ৰকাৰ ওমাইক্ৰনৰ লক্ষণবোৰ সম্পূৰ্ণ পৃথক। এই প্ৰকাৰবিধত সংক্ৰমিত লোকসকলৰ লক্ষণবোৰ মৃদু আৰু কিছুমান ৰোগী চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈ আৰোগ্য হয়।
দক্ষিণ আফ্ৰিকান মেডিকেল এছ'চিয়েচন (এছএএমএ)ৰ মুৰব্বী এঞ্জেলিক কোয়েটজীয়ে কয় যে, "বিগত ১০ দিনত ক'ৰনা ভাইৰাছৰ নতুন প্ৰকাৰ ওমাইক্ৰনৰ দ্বাৰা সংক্ৰমিত ৩০ জন ৰোগী ক'ৰনা দেখিছো।ওমাইক্ৰনৰ দ্বাৰা সংক্ৰমিত ৰোগী এজনৰ অত্যাধিক ভাগৰ, ডিঙিৰ বিষ, পেশীৰ বিষ আৰু শুকান কাহৰ দৰে সমস্যা হয়।শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয়। ইয়াৰ লক্ষণবোৰ ক'ৰনাৰ ডেল্টা প্ৰকাৰতকৈ একেবাৰে পৃথক।" এঞ্জেলিক কোয়েটজীয়ে লগতে কৈছিল যে, "এতিয়ালৈকে দেখা সকলো ৰোগীৰ ছিটাকৰণ কৰা হোৱা নাই। তেওঁলোকৰ ওমাইক্ৰনৰ মৃদু লক্ষণ আছিল। মই ভাবো ইউৰোপত বহু সংখ্যক লোক এই প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। এতিয়ালৈকে ওমাইক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱা বেছিভাগ ৰোগীৰ বয়স ৪০ বছৰৰ তলৰ।"
কোয়েটজীয়ে শেষত কয়, "দক্ষিণ আফ্ৰিকাক ক'ৰনাৰ নতুন প্ৰকাৰ ওমাইক্ৰনৰ উৎপত্তি হোৱা বুলি যথেষ্ট বদনাম কৰা হৈছে। ইয়াৰ ফলত ইউৰোপকে ধৰি বহুতো দেশে দক্ষিণ আফ্ৰিকালৈ বিমান চলাচল নিষিদ্ধ কৰিছে।দক্ষিণ আফ্ৰিকাক বিচ্ছিন্ন কৰি ৰখা হৈছে। এইটো ঠিক কথা নহয়। বৰঞ্চ দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে ক'ৰনাৰ নতুন প্ৰকাৰৰ ওপৰত সতৰ্কতা দেখুৱাইছে। ইয়াৰ বাবে তেওঁলোকক প্ৰশংসা কৰা উচিত। তেওঁলোকক সমালোচনা কৰাটো সঠিক নহয়। আমি ক'ভিডৰ এটা নতুন প্ৰকাৰ আৱিষ্কাৰ কৰিছো। মই ভাবো ইউৰোপৰ দেশবোৰে ওমাইক্ৰনৰ বিষয়ে সতৰ্কতা প্ৰদৰ্শন কৰা নাই, তাতো বহুসংখ্যক এই প্ৰকাৰৰ দ্বাৰা আক্রান্ত ৰোগী আছে।"
Comments