গুৱাহাটী, ২৭ নৱেম্বৰঃ শীতকালত বজাৰত সতেজ সেউজীয়া শাক-পাচলি বাৰুকৈয়ে উপলব্ধ হোৱা দেখা যায়। এইবোৰ অতি“ সুস্বাদু আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰে এটা পাচলি হৈছে বন্ধাকবি। আহাৰত এই পুষ্টিসমৃদ্ধ পাচলি অন্তৰ্ভুক্ত কৰিলে বহুতো ৰোগ দূৰত থাকে। ইয়াক সাধাৰণতে চালাড বা অন্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু শীতকালত সতেজ বন্ধাকবি খোৱাটোৱে দৃষ্টিশক্তি বজাই ৰখাত সহায় কৰে। ই ওজন হ্ৰাস কৰাতো সহায় কৰিব পাৰে।
বন্ধাকবি খোৱাৰ ফলত হোৱা লাভালাভসমূহঃ
১. প্ৰদাহ হ্ৰাস কৰে
ঠাণ্ডা বতৰত আঁঠু আৰু গাঁঠিৰ বিষ বা ফুলা সচৰাচৰ হয়। বহুক্ষেত্ৰত, ই অতি বেদনাদায়ক হ'ব পাৰে। বন্ধাকবিত কেলচিয়াম থাকে যি হাড় শক্তিশালী কৰে। যদি কোনোবাই গাখীৰ ভাল নাপায় তেন্তে বন্ধাকবি এটা ভাল বিকল্প হ'ব পাৰে।
২. ওজন হ্ৰাস কৰাত সহায়ক
একাপ ৰন্ধা বন্ধাকবিত ৩৩ শতাংশ কেলৰি থাকে, যি ওজন বৃদ্ধি কৰিব নিদিয়ে। ইয়াৰ পানীয় অথবা চুপ বনাই সেৱন কৰিলে কৰিলে শৰীৰে উৰ্জা লাভ কৰে। ই শৰীৰত জমা হোৱা চৰ্বিও হ্ৰাস কৰে।
৩. চকুৰ বাবে উপকাৰী
বন্ধাকবি নিয়মীয়াকৈ খালে শৰীৰত বিটা কেৰোটিন বৃদ্ধি হয়, যি চকুৰ বাবে অতিকৈ উপকাৰী। ই দৃষ্টিশক্তি উন্নত কৰে আৰু চকুত ছানি পৰা আশংকাও যথেষ্ট হ্ৰাস কৰে।
৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ভিটামিন চি সমৃদ্ধ হোৱাৰ বাবে, বন্ধাকবিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন চিয়ে বেয়া পদাৰ্থবোৰ উলিয়াই দিয়ে যিয়ে শৰীৰটোক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।
৫. পেশীবোৰ শক্তিশালী হয়
এই পাচলিত যথেষ্ট পৰিমাণৰ লেকটিক এচিড থাকে, যি পেশীবোৰ স্বাস্থ্যৱান কৰি ৰখাত সহায়ক হয়।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments