গুৱাহাটী, ২৭ নৱেম্বৰঃ ত্ৰিপুৰাৰ খোৱাই জিলাত এজন আৰক্ষী বিষয়াকে ধৰি পাঁচজন লোকক হত্যা কৰাৰ অভিযোগত শুকুৰবাৰে নিশা ত্ৰিপুৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি), ভি এছ যাদৱে কৈছিল যে, "এজন লোক যি পেচাত এগৰাকী মিস্ত্ৰী তেওঁ হিংসাত্মক হৈ নিজৰ পৰিয়ালৰ সদস্যসকলক আক্ৰমণ কৰাৰ ফলত এজন আৰক্ষী বিষয়াসহ পাঁচজন লোকৰ মৃত্যু হয়। ভয়ংকৰ আক্ৰমণৰ ফলত তেওঁৰ দুগৰাকী ছোৱালী, তেওঁৰ ককায়েক, এজন পথচাৰী আৰু খোৱাই আৰক্ষী থানাৰ এজন আৰক্ষীৰ মৃত্যু হয়।" শুক্ৰবাৰে নিশা ঘটনাটোৰ পিছতে ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান, ইয়াৰ পৰৱৰ্তী অনুসন্ধান চলি আছে।
ইপিনে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে উক্ত ঘটনাটোৰ ওপৰত শোক প্ৰকাশ কৰি কয় যে, "এই শোকাবহ ঘটনাটোক লৈ মই গভীৰভাৱে হতবাক আৰু দুখ প্ৰকাশ কৰিছো। খুৱাই আৰক্ষী থানাৰ আৰক্ষী বিষয়া সত্যজিৎ মল্লিকে কৰ্তব্যৰত অৱস্থাতে সৰ্বোচ্চ বলিদান দিছিল। মই সকলোৰে বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিছো।" আনহাতে, কেন্দ্ৰীয় ৰাজ্যিক সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰী প্ৰতিমা ভৌমিকেও মল্লিকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
অভিযুক্ত প্ৰদীপ দেবৰয় পেছাত এজন মিস্ত্ৰী আৰু অতীতত কোনোধৰণৰ হিংসাত্মক কাৰ্য্যৰ ইতিহাস নাই বুলি ত্ৰিপুৰা আৰক্ষীয়ে জানিবলৈ দিয়ে। ইপিনে, মূল ঘটনা অনুসৰি, প্ৰদীপে হঠাতে এখন বেলচা লৈ ঘৰৰ ভিতৰত খেলি থকা তেওঁৰ দুয়োজনী ছোৱালীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া প্ৰদীপৰ ককায়েকে দেখি ছোৱালীদুজনীক বচাবলৈ আহিছিল, তাৰ পিছত অভিযুক্ত প্ৰদীপে ককায়েকৰ শৰীৰতো চোকা অস্ত্ৰৰ কেইবাবাৰো আঘাত কৰে যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। তাৰ পিছত অভিযুক্ত প্ৰদীপে ঘৰৰ পৰা ওলাই আহিছিল আৰু সন্মুখত যাকে দেখিছিল, সেইজন মানুহকে আক্ৰমণ কৰি গৈছিল। দেৱৰয়ৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা তেওঁৰ পুত্ৰ কৰণবীৰ দাসৰ সৈতে এজন কৃষ্ণ দাস নামৰ এজন লোকেও অভিযুক্ত প্ৰদীপৰ ক্ষোভৰ চিকাৰ হৈছিল। ৫৪ বছৰীয়া কৃষ্ণ দাসৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
Comments