Cartoon
View Older
গুৱাহাটী, ৩০ নৱেম্বৰঃ অসম আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীত এটা বৃহৎ চোৰাং গৰু সৰবৰাহকাৰী দলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
পূব গুৱাহাটী আৰক্ষী বিভাগৰ এটা দলে ছয়খন ট্ৰাকৰ পৰা মুঠ ১০৯ টা গৰু উদ্ধাৰ কৰে। ইপিনে, উক্ত ঘটনাৰ সৈতে জড়িত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী অনুসন্ধান চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উক্ত ঘটনা সন্দৰ্ভত টুইটাৰযোগে মহানগৰ আৰক্ষীয়ে লিখিছে, "খেত্ৰী আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে মঙলবাৰে পুৱা ৬ খন ট্ৰাক ৰাজপথত ৰখাই মুঠ ১০৯ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনা সন্দৰ্ভত ৭ জন লোকক আটক কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে।"
Comments