Choose Language

  • All  
  • English
  • অসমীয়া

৫ টা ভুলৰ বাবে দুৰ্বল হৈ পৰে চুলি


Published on December 1, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

৪০০ বছৰৰ অন্তত ৰাণীৰ শাসনকালৰ পৰা মুক্তি পালে এখন দেশে, উদযাপনত নিমজ্জিত দেশবাসী


Published on December 1, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১ ডিচেম্বৰঃ কেৰিবিয়ান দেশ বাৰ্বাডোছে সোমবাৰে নিশা এখন গণৰাজ্য দেশ হিচাপে প্ৰতিষ্ঠিত হয়। অৰ্থাৎ ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ আৰু বাৰ্বাডোছৰ ৰাষ্ট্ৰপ্ৰধান এতিয়াৰে পৰা এই দেশখনৰ ৰাষ্ট্ৰপ্ৰধান নহ'ব। ঔপনিৱেশিক অতীতৰ সমাপ্তি ঘটাই, দেশখনে এতিয়া ৰাণীৰ প্ৰতি আনুগত্যৰ সংকল্প ত্যাগ কৰিছে।

অনুষ্ঠানত উপস্থিত প্ৰিন্স চাৰ্লছ বাৰ্বাডোছক এখন গণৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ অনুষ্ঠান সোমবাৰে নিশা আৰম্ভ হয়, য'ত ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছকে ধৰি কেইবাজনো নেতা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। অনুষ্ঠানটো জনপ্ৰিয় স্কোৱেৰত অনুষ্ঠিত হৈছিল য'ত যোৱা বছৰ এজন ব্ৰিটিছ প্ৰভুৰ মূৰ্তি আঁতৰোৱা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, ব্ৰিটিছ ৰাজতন্ত্ৰৰ উত্তৰাধিকাৰী প্ৰিন্স চাৰ্লছও অনুষ্ঠানটোত উপস্থিত আছিল যেতিয়া ৰাণী এলিজাবেথৰ ৰাজকীয় নিয়মবোৰ বাৰ্বাডোচৰ পৰা আঁতৰ কৰা হৈছিল। একে সময়তে, এক নতুন গণতান্ত্ৰিক বাৰ্বাডোছ ঘোষণা কৰা হৈছিল।

অনুষ্ঠানটোত ৰাতি আতচবাজীৰ সলনি গোটেই দ্বীপটোত একন ডাঙৰ পৰ্দা স্থাপন কৰা হৈছিল যাতে সকলো মানুহে আয়োজন কৰা অৰ্কেষ্ট্ৰা অনুষ্ঠানটো চাব পাৰে। ইয়াক অনলাইনত সম্প্ৰচাৰ কৰা হৈছিল, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডাৰ বাসিন্দাক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল। সকলোৱে অনুষ্ঠানটোত বাৰ্বাডোছক এখন গণতান্ত্ৰিক দেশ হোৱাৰ বাবে অভিনন্দন জনাইছিল আৰু স্বাধীনতাৰ দিনটো উদযাপন কৰিছিল।

বাৰ্বাডোছ গণৰাজ্য হোৱাৰ অভিযান দুই দশকতকৈও অধিক আগতে আৰম্ভ হৈছিল আৰু যোৱা মাহত দ্বীপটোৰ সংসদক দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে দেশখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হৈছিল। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি দেশখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি চেন্দ্ৰা মেছনে কয় যে, "আমি গণতান্ত্ৰিক বাৰ্বাডোছৰ সকলো মনোভাৱ আৰু অনুভূতিসমূহ উপস্থাপন কৰা উচিত। দেশৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যত গঢ়ি তুলিব লাগিব আৰু ইজনে সিজনক সুৰক্ষা দিব লাগিব।"


Published on January 1, 1970|News Source :
Cartoon
View Older

 

January 23, 2022


Entertainment
View Older


From Our Archive

Create Account