Choose Language

  • All  
  • English
  • অসমীয়া

এজন ৩৬ বছৰীয়া দৰা আৰু এগৰাকী ৮২ বছৰীয়া কইনা, এহাল দম্পতীৰ কিছু ৰসাল কাহিনী


Published on December 1, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শিৰচ্ছেদ কৰাৰ পিছতো এসপ্তাহ পৰ্যন্ত জীয়াই থাকে পঁইতাচোৰা, জানক ইয়াৰ প্ৰকৃত কাৰণ


Published on December 1, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১ ডিচেম্বৰঃ পঁইতাচোৰাক শিৰচ্ছেদ কৰাৰ পিছতো প্ৰায় ৭ ৰ পৰা ৯ দিন পৰ্যন্ত জীয়াই থাকে। যদি পঁইতাচোৰাটোৰ মূৰটো কাটি পেলোৱা হয় তাৰ পিছতো শৰীৰটো ৯ দিনৰ বাবে জীৱন্ত অৱস্থাত থাকে আৰু ভৰিবোৰ চলাচল কৰা দেখা যায়। সকলোৱে হয়টো আচৰিত হ'ব এটা জীৱৰ শিৰ কাটি পেলোৱা পিছত কেনেদৰে ইমানদিন জীয়াই থাকিব পাৰে। দৰাচলতে কোনো অলৌকিক বা যাদুৰ বাবে পঁইতাচোৰাবোৰ জীয়াই নাথাকে, বৰঞ্চ ইয়াৰ শৰীৰত এক বিশেষত্ব আছে। পঁইতাচোৰাবোৰে নাকেৰে উশাহ নলয়। পঁইতাচোৰাৰ শৰীৰত বহুতো সৰু ছিদ্ৰ আছে। এই ছিদ্ৰবোৰৰ মাজেৰেহে পঁইতাচোৰাই উশাহ লয়। ইয়াৰ বাবে, শিৰচ্ছেদ কৰাৰ পিছতো পঁইতাচোৰাবোৰে ইমামদিন জীয়াই থাকিবলৈ সক্ষম হয়। 

ইপিনে, সকলোৱে হয়টো ভাবিব যে শৰীৰত থকা ছিদ্ৰৰে উশাহ লৈ থাকিলে ৯ দিনৰ পিছত কিয় মৃত্যু হয়। ইয়াৰ মূল কাৰণটো হ'ল শিৰচ্ছেদ কৰাৰ ৯ দিনৰ পিছত পঁইতাচোৰাবোৰে জীয়াই থাকিব নোৱাৰে, কিয়নো পঁইতাচোৰাই মূৰত বৃহৎ পৰিমাণৰ প্ৰ'টিন সংগ্ৰহ কৰে আৰু যেতিয়া ইহঁতৰ মূৰ কাটি দিয়া হয়, ৯ দিন পৰ্যন্ত জীয়াই থাকি লাহে লাহে খাদ্যৰ অভাৱত আৰু তৃষ্ণাত মৃত্যু হয়।

পঁইতাচোৰা হৈছে আটাইতকৈ উৎপাদনশীল প্ৰাণীবোৰৰ ভিতৰত এটা জীৱ। ইহঁতৰ প্ৰতি ১৫ মিনিটত শৰীৰ বাঢ়ি থাকে। প্ৰায় ১২ ৰ পৰা ৩০০ নিযুত বছৰ আগতে পঁইতাচোৰা পৃথিৱীলৈ আহিছিল। সকলোৱে জানি আচৰিত হ'ব যে বিশ্বজুৰি ৪,৬০০ প্ৰজাতিৰ পঁইতাচোৰা আছে। ইয়াৰ ভিতৰত, মাত্ৰ ৩০ টা প্ৰজাতি মানুহৰ বাসস্থানত বাস কৰে। পঁইতাচোৰা ৪০ মিনিট পৰ্যন্ত উশাহ বন্ধ কৰি ৰাখিব পাৰে। সেয়েহে পঁইতাচোৰাবোৰে ৩০ মিনিটৰ বাবে পানীত জীয়াই থাকিবলৈ সক্ষম হয়। পঁইতাচোৰাৰ জীৱনকাল গড়ে এবছৰ। প্ৰতি ছেকেণ্ডত ৫ মিটাৰ বেগত ভৰিৰে পঁইতাচোৰাই দৌৰিব পাৰে।  

পঁইতাচোৰাৰ ১৮ খন ভৰি থাকে। যেনেদৰে মানুহৰ মূৰত চুলি বাঢ়ে, ঠিক তেনেদৰে যদি এটা পঁইতাচোৰাৰ ভৰি ছিঙি যায় তেন্তে পুনৰ নতুন ভৰি সংযোজন হয়। দক্ষিণ আমেৰিকাত পৃথিৱীৰ আটাইতকৈ ডাঙৰ পঁইতাচোৰা  পোৱা গৈছিল, যাৰ দৈৰ্ঘ্য আছিল ৬ ইঞ্চি। অৱশ্যে, সাধাৰণ পঁইতাচোৰাবোৰ ডেৰৰ পৰা দুই ইঞ্চি ডাঙৰ হয়।
 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

January 23, 2022


Entertainment
View Older


From Our Archive

Create Account