গুৱাহাটী,১ ডিচেম্বৰ:অৱশেষত ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (২০২১-২২)ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। ক্ষন্তেক সময় পূৰ্বে ঘোষণা কৰা ফলাফল অনুসৰি সভাপতি পদত হেমেন কলিতাই জয়লাভ কৰাৰ বিপৰীতে উপ-সভাপতি পদত নৱদ্বীপ বৰগোহাঁই জয়ী হয়। ইফালে সাধাৰণ সম্পাদক পদত বিকি শৰ্মা জয়ী হোৱাৰ বিপৰীতে সহঃ সম্পাদক পদত ৰশ্মি কলিতাই জয়লাভ কৰে।
উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত আছু সমৰ্থিত সভাপতিকে ধৰি ৪জন, এন এছ ইউ আই (NSUI)ৰ সমৰ্থিত সাধাৰণ সম্পাদককে ধৰি ৫জন প্ৰাৰ্থী, অসম ছাত্ৰ পৰিষদৰ ৩জন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২জন আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
সভাপতি : হেমেন কলিতা (AASU)
উপ-সভাপতি : নৱদ্বীপ বৰগোহাঁই (SMSS)
সাধাৰণ সম্পাদক : বিকি শৰ্মা (NSUI)
সহঃ সাধাৰণ সম্পাদক : ৰশ্মি কলিতা (NSUI)
তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক : ভাস্বতী দেৱী (ACP)
সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক : জ্ঞান প্ৰতীম দেৱশৰ্মা (NSUI)
সাংস্কৃতিক সম্পাদক : দীশা শৰ্মা (ACP)
সাধাৰণ খেল বিভাগ : গণেশ বড়ো (NSUI)
গুৰু খেল বিভাগ : খাৰামদাও বসুমতাৰী (ABVP)
লঘু খেল বিভাগ : বিক্ৰম হাজৰিকা (AASU)
শৰীৰ চৰ্চা : পল্লৱ হাজৰিকা (AASU)
সমাজ সেৱা : বিষুৱ মেধি (NSUI)
সংগীত সম্পাদক : প্ৰত্যাশী কলিতা (AASU)
ছাত্ৰী জিৰণি কোঠা : মুন মালিক (ABVP)
ছাত্ৰ জিৰণী কোঠা : আবিদ আৰমান তাপদাৰ (ACP)।
Comments