তিনিচুকীয়া: ২৯ নৱেম্বৰ: অসমত ক'ভিড ১৯ ৰ টিকাকৰণ এশ শতাংশ সুনিশ্চিত কৰিবলৈ আজিৰে পৰা আৰম্ভ হোৱা "হৰ ঘৰ দস্তক" অভিযান তিনিচুকীয়া জিলাত সাফল্যমণ্ডিত কৰি তুলিবলৈ ঘৰে ঘৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ বিষয়া উপস্থিত হৈ ভেকচিন প্ৰদান কৰিছে।
অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্রী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে আজি হৰ ঘৰ দস্তক অভিযানৰ অধীনত সমষ্টিতোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্রৰ অন্তৰ্গত এলেকা পৰিদৰ্শণ কৰি স্থানীয় ৰাইজৰ সৈতে ক'ভিড ১৯ ৰ প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত মত বিনিময় কৰে। হৰ ঘৰ দস্তক অভিযানৰ তিনিচুকীয়া জিলাৰ পৰ্যাবেক্ষক তথা অসম চৰকাৰৰ পৰিবহন বিভাগৰ সচিব যাদৱ শইকীয়াই আজি জিলা উপায়ুক্ত নৰসিং পৱাৰৰ সৈতে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৯নং ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শণ কৰে আৰু কোভিড ১৯ ৰ প্ৰতিষেধক সম্পৰ্কীয় ভূলধাৰনা সমূহ নিৰ্মূল কৰিবৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ সৈতে মত বিনিময় কৰে।
Comments