Classifieds
View All
গুৱাহাটী,৩ ডিচেম্বৰ:অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক ২০২১ বৰ্ষৰ চুকাফা বঁটা প্ৰদান কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সোণাৰীৰ চুকাফা দিৱসৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ঘোষণা কৰে এই বঁটা প্ৰদানৰ কথা।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চুকাফা বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীত অতি শীঘ্ৰে এই বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে।
Comments