চেলেংহাট,৩ ডিচেম্বৰঃ বিশ্ব দিব্যাঙ্গ দিৱস উপলক্ষে ৩ ডিচেম্বৰ দিনটোত সমগ্ৰ বিশ্বৰ লগতে পূৱ যোৰহাট শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা কোষে সকলো কভিড বিধি মানি ২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা দিব্যাঙ্গ দিৱসৰ মূল কাৰ্য্যসূচী ভাগ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে।
তদুপলক্ষে উক্ত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সন্ধ্যাৰাণী সোমে সৰ্বাত্মক শিক্ষা কোষৰ পতাকা উত্তোলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পাছত সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে কাষৰীয়া অঞ্চলত সজাগতাৰ উদ্দেশ্যে শোভাযাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়। সমান্তৰালভাৱে নকছাৰী খণ্ড স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সহযোগিতাত এটি স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়।
ইয়াৰ পাছতে চেলেং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজয় ধৰৰ সভাপতিত্বত মূল সভাখন অনুষ্ঠিত হয়। মূল সভাত বলমা-'ক' মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক উজ্জ্বল জ্যোতি গগৈ, জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষক বিশ্ব নাৰায়ণ বৰা, মূড়া বস্তি আৰু ন-পাম প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক প্ৰশান্ত মাধৱ বৰা, ননীগোপাল বিশ্বাসকে প্ৰমূখ্যে কৰি নামচিচু জনতা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৩৮৩ নং নামচিচু প্ৰাথমিক বিদ্যালয়ৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সহ দুশৰো অধিক লোক উপস্থিত থকা মূল সভাত আজি অনুষ্ঠিত হোৱা বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী8সকলক পুৰস্কৃত কৰা হয়। ইয়াৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশেষ প্ৰয়োজন সম্পন্ন পৰীক্ষাৰ্থী ক্ৰমে সুমিত্ৰা শইকীয়া, পৰীস্মিতা শইকীয়া, মুনু নায়ক আৰু প্ৰিয়া দে'ক অভিনন্দন জনোৱা হয়।
Comments