গুৱাহাটী,৩ ডিচেম্বৰ:পৰ্তুগীজ ষ্টাৰ ফুটবলাৰ আৰু মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো বৃহস্পতিবাৰে নিশা প্ৰিমিয়াৰ লীগৰ এখন খেলত দুবাৰকৈ গ'ল কৰাৰ ফলত ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰিছে যিয়ে কেৰিয়াৰৰ ৮০০ টা গ'ল কৰিছে।
তেওঁৰ এই প্ৰদৰ্শনৰ সৈতে ৩৬ বছৰীয়া খেলুৱৈগৰাকীয়ে এতিয়া ১০৯৭ খন খেলৰ পৰা মুঠ ৮০১ টা গ'ল কৰিছে।তেওঁ জুভেণ্টাছৰ পৰা ইংলিছ ক্লাবত পুনৰ যোগদান কৰাৰ পিছত সকলো প্ৰতিযোগিতাত ১৭ খন খেলত ১২ টা গ'ল কৰিছে।
কিন্তু এই ছিজনত ষ্ট্ৰাইকাৰ জনৰ সুন্দৰ প্ৰদৰ্শন স্বত্বেও ক্লাবটোৱে মাত্ৰ ২১ পইণ্টৰ সৈতে প্ৰিমিয়াৰশ্বিপ তালিকাৰ যুটীয়া সপ্তম স্থানত আছে।বৃহস্পতিবাৰে দুটা গ'লৰ সৈতে, ৰোনাল্ডোৱে এতিয়ালৈকে মানচেষ্টাৰ ইউনাইটেডৰ হৈ মুঠ ১৩০ টা গ'ল কৰিছে। তেওঁ স্পোৰ্টিং লিছবনৰ হৈ পাঁচটা, স্পেনিছ ক্লাব ৰিয়েল মাদ্ৰিদৰ হৈ ৪৫০ টা, চিৰি এ ৰ শীৰ্ষ দল জুভেণ্টাছৰ হৈ ১০১ আৰু পৰ্তুগালৰ হৈ ১১৫ গল কৰিছে।
Comments