গুৱাহাটী,৩ ডিচেম্বৰ:সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ (AITSAA) অইটছাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভেৰগাঁও বড়োলেণ্ড অতিথিশালা বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী দেৱক এই বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে জননেতা ভীমবৰ দেউৰীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান জননেতা জনৰ আদৰ্শৰ অনুসৰণেৰে ৰাজনৈতিক প্ৰেক্ষাপতত আগুৱাই যোৱা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰী দেৱৰ সৱল নেতৃত্বক আৰু সমাজসেৱাৰ মহানুভৱতাক সন্মান জনাই সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছায়ে (AITSAA) আজি ভেৰগাঁৱত জননেতা ভীমবৰ দেউৰী বঁটাৰে মহিলাৰী দেৱক অভিভূত কৰে আৰু লগতে মহিলাৰি দেৱেও উক্ত বটাঁ গ্ৰহণ কৰি সংগঠনটোৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত বিভিন্ন জনগোষ্ঠীৰ লগতে জনজাতীয় লোকৰ সমস্যা সমাধানৰ হকে সমিল মিলৰে ক্ষিপ্ৰ গতিত একে লগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
Comments