তালাপ, ৩ ডিচেম্বৰঃ- তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাট স্থিত শ্ৰী শ্ৰী কেচাখাইটী শালৰ আঘোন মাহৰ বিশেষ পূজাভাগ (বাবু পূজা) অহা ১২ ডিচেম্বৰ দেওবাৰে অনুস্থিত হ’ব বুলি শালৰ পৰিচালনা সমিতিৰ সভাপতি বুদ্ধ দেউৰীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে, অতি জাগ্ৰত বুলি বিশ্বাস ৰখা এই শালত বহাগ, কাতি আৰু মাঘ মাহৰ বুধবাৰ একোটাত দেউৰী সম্প্ৰদায় পুৰুহিতৰ দ্বাৰা পূজা সম্পন্ন হয়৷
বুধবাৰে অনুস্থিত হোৱা পূজাত চৰকাৰী তথা চাহবাগিছাৰ চাকৰীয়াল সকলে যোগ দিয়াত অসুবিধা হোৱাৰ বাবে তেওঁলোকৰ অনুৰোধ ক্ৰমে আঘোন মাহৰ দেওবাৰ এটাত পূজা অনুস্থিত কৰাৰ সিদ্ধান্ত লোৱা হল ৷ চাকৰীয়াল অৰ্থাৎ বাবুসকলৰ বাবে বিশেষ ভাবে অনুস্থিত কা এই পূজা ভাগ বাবুপূজা নামেৰেই জনাজাত হৈ পৰিল ৷ দেশত কভিডৰ সংক্ৰমন পুনৰ বৃদ্ধি পাই অহা তথা কভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ সংক্ৰমণ দেশত ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত উক্ত দিনা ভক্ত সকলক কভিড প্ৰটকল অনুশৰি চৰকাৰী নিৰ্দেশনা কঠোৰ ভাবে মানি চলিবলৈ শালৰ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে ৷
এইভাগ পূজাত হাজাৰ হাজাৰ লোক সমাবেত হোৱাৰ সুবিধা লৈ এচামে মাদক দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই অহা দেখা যায় ৷ উক্ত দিনা শালৰ চৌপাশে মাদক দ্ৰব্যৰ প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷ শালৰ পৰিচালনা সমিতিয়ে ভক্ত সকলক কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি চৰকাৰী নিৰ্দশনা মানি চলি শৃংখলা বজাই ৰাখি পূজা পৰিচালনাত সহযোগ কৰিবলৈ আহ্বান জনাইছে ৷
Comments