Classifieds
View All
গুৱাহাটী, ২ ডিচেম্বৰঃ ৪,৯৩৪ টা ৰে'ল ডবা আৰু মুঠ ৮৩৮ টা ষ্টেচনত চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে বুলি ৰে'ল, যোগাযোগ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
ই এম ইউ আৰু যাত্ৰীবাহী ৰেলকে ধৰি সকলো ৰে'লৰ ডবাতে চিচিটিভি কেমেৰা স্থাপনৰ অনুমোদন দিয়া হৈছিল। তদুপৰি ৰে'ল আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০১৮ চনৰ পৰা ২০২০ চনলৈ যোৱা তিনি বছৰত ৰে'লৱেত অপৰাধৰ ঘটনা হ্ৰাস হোৱাৰ প্ৰৱণতা দেখা গৈছে বুলি লোকসভাত ৰে'ল মন্ত্ৰালয়ে উল্লেখ কৰিছে।
Comments