Choose Language

  • All  
  • English
  • অসমীয়া

বিলাহী আৰু নেমুৰে ইউৰিক এচিডৰ প্ৰভাৱ হ্ৰাস কৰাৰ ঘৰুৱা প্ৰতিকাৰ


Published on December 2, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

৫ টা ভুলৰ বাবে দুৰ্বল হৈ পৰে চুলি


Published on December 1, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১ ডিচেম্বৰঃ চুলি শক্তিশালী আৰু দীঘল কৰি ৰাখিবলৈ চুলিৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, মানুহে চুলিৰ যত্ন লওঁতে কিছুমান ভুল কৰে, যাৰ ফলত তেওঁলোকৰ চুলি দুৰ্বল হয়। ইয়াৰ পিছত চুলি সৰা আৰম্ভ হয়। যদি আপুনি দীঘলীয়া সময়ৰ বাবে চুলি স্বাস্থ্যৱান ৰাখিব বিচাৰে, এই ভুলবোৰ কৰা তৎক্ষণাৎ বন্ধ কৰক। যদিহে চুলি সৰাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেন্তে এই ভুলবোৰ কেতিয়াও নকৰিব।

১. তিতা চুলি ফনিওৱা

প্ৰায়ে মানুহে চেম্পু কৰাৰ পিছত তিতা চুলিত ফনিৰে চুচিবলৈ আৰম্ভ কৰে। তেওঁলোকে ভাবে যে এনে কৰিলে সহজে চুলি শুকাই যাব। কিন্তু তিতা চুলি চুচিলে চুলি সৰা সমস্যা বৃদ্ধি হ'ব পাৰে। কাৰণ, তিতা চুলিৰ গুৰি ঢিলা হৈ থাকে। ইয়াক এৰাই চলিবলৈ, চুলি অলপ শুকাই গ'লেহে ফণীৰে চুচিব।

২. তিতা চুলি বান্ধি ৰখা

মহিলাসকলে সাধাৰণতে তিতা চুলি বান্ধি ৰাখে, কিয়নো দীঘল তিতা চুলিবোৰে তেওঁলোকক আমনি কৰে। অৱশ্যে, তিতা চুলিত বেণী বা বান বন্ধাৰ ফলত চুলিৰ শিপা ঢিলা হয় আৰু চুলি দুৰ্বল হৈ পৰে।

৩. চুলি ধোৱাৰ পিছত গৰম কৰা সঁজুলি ব্যৱহাৰ কৰা

যদি কোনোবাই খৰখেদাকৈ চুলি ধোৱাৰ পিছত তিতা চুলিত গৰম কৰা সঁজুলি ব্যৱহাৰ কৰে, তেনেহ'লে চুলি শুকান আৰু নিষ্প্ৰাণ হৈ পৰে।

৪. তিতা চুলিৰে শুই থকা

কিছুমান মানুহে সময়ৰ অভাৱৰ বাবে ৰাতি চুলি ধুৱে আৰু তাৰ পিছত তিতা চুলিৰে টোপনি যায়। মহিলাসকলে প্ৰায়ে শুবলৈ যোৱাৰ আগতে তিতা চুলি বান্ধে। কিন্তু এনে কৰিলে কেৱল চুলি সৰাই নহয় বৰঞ্চ চৰ্দি হোৱাৰ আশংকাও বৃদ্ধি হয়। সেয়েহে ৰাতিৰ সলনি সন্ধিয়া চুলি ধুবলৈ চেষ্টা কৰিব লাগে। যাতে বিচনালৈ যোৱাৰ আগতে চুলি শুকাই যায়।

৫. হেয়াৰ ড্ৰায়াৰেৰে তিতা চুলি শুকোওৱা

এইটো মানুহে চুলিৰ ক্ষেত্রত কৰা আটাইতকৈ সচৰাচৰ ভুল। মানুহে তিতা চুলি শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে। হেয়াৰ ড্ৰায়াৰৰ তাপে চুলিৰ শিপাৰ পৰা আৰ্দ্ৰতা আঁতৰ কৰে আৰু চুলি সৰাৰ কাৰণ হয়। তাৰ সলনি টাৱেলেৰে চুলি শুকুৱাবলৈ চেষ্টা কৰিব লাগে।

Cartoon
View Older

 

January 23, 2022


Entertainment
View Older


From Our Archive

Create Account