গুৱাহাটী, ২ ডিচেম্বৰঃ অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে এক যুটীয়া অভিযানত মিজোৰামৰ চম্ফাই জিলাৰ টাংচামত ৭০,১২,২০০ টকাৰ ভি-বীৰ মৃদু চিগাৰেটৰ ৫৩ টা কাৰ্টুন আৰু ৪৭ টা খোলা পেকেট জব্দ কৰে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত সেনাই শুল্ক বিভাগৰ বিষয়াসকলৰ সৈতে এক যুটীয়া অভিযান চলাই উক্ত সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা বিদেশী চিগাৰেটৰ আনুমানিক মূল্য প্ৰায় ৭০,১২,২০০ টকা বুলি জানিব পৰা গৈছে। লগতে উদ্ধাৰ হোৱা সামগ্ৰীখিনি পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চম্ফাই জিলাৰ শুল্ক প্ৰতিৰোধী বাহিনীক হস্তান্তৰ কৰা হৈছে।
ইপিনে, অসম ৰাইফলছৰ এজন বিষয়াই উক্ত বিষয় সন্দৰ্ভত কয় যে, "ভাৰত-ম্যানমাৰ সীমান্তত বিদেশী মূলৰ চিগাৰেটৰ চলিত চোৰাং ব্যৱসায় মিজোৰাম ৰাজ্যৰ বাবে চিন্তাৰ মুখ্য বিষয় হিচাপে পৰিগণিত হৈছে।"
অসম ৰাইফলছে মিজোৰামত চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
Comments