গুৱাহাটী, ২ ডিচেম্বৰঃজনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব' 'কৌন বনেগা ক্রোড়পতি'ত জিলিকিল অসমৰ কিশোৰী ৰাজনন্দিনী কলিতা।কৌন বনেগা ক্রোড়পতিৰ ১৩ সংখ্যক চিজনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ কিশোৰী ৰাজনন্দিনী কলিতাই ৫০ লাখ টকা জিকিবলৈ সক্ষম হয়।গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী ১৪ বছৰীয়া ৰাজনন্দিনী কলিতা।
ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা ৰাজনন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি মেগাষ্টাৰ অমিতাভ বচ্চনে অনুষ্ঠান চলি থকাৰ মাজতেই উপস্থিত সকলক সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কৈছিল।
ৰাজনন্দিনীয়ে ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।কোনো খোকোজা নলগাকৈ সুন্দৰকৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে ৰাজনন্দিনী কলিতাই দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।
ৰাজনন্দিনীৰ অনুপ্ৰেৰণামূলক ভাষণক অমিতাভ বচ্চনে ভূয়সী প্ৰশংসা কৰে।ডাঙৰ ডাঙৰ নেতাসকলেও এনে ভাষণ দিব নোৱাৰে বুলি ৰাজনন্দিনীক মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰেৰণা দিয়ে।
Comments