গুৱাহাটী, ৬ ডিচেম্বৰঃ অসম ৰাইফলছৰ গুলীত ভুলবশতঃ নিহত হোৱা নিৰীহ নগা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ উদ্দেশ্যে সোমাবাৰে তৃণমূল কংগ্ৰেছৰ এটা পাঁচ জনীয়া প্ৰতিনিধি দলে নগালেণ্ড ভ্ৰমণ কৰে।
উক্ত প্ৰতিনিধি দলটোত চাৰিজন সাংসদ ক্ৰমে, সুস্মিতা দেৱ, শান্তনু সেন, অপৰূপা পোদ্দাৰ আৰু প্ৰসুন বন্দোপাধ্যায় সহ পাঁচজনীয়া দলটো পুৱা মন জিলাৰ ওটিন গাঁৱত উপস্থিত হয়। ইপিনে, মিজোৰামৰ প্ৰাক্তন অধিবক্তা বিশ্বজিৎ দেৱে প্ৰতিনিধি দলটোৰ পঞ্চমগৰাকী সদস্য হিচাপে দলটোৰ সৈতে নগালেণ্ড ভ্ৰমণ কৰিছে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোকসন্তপ্ত পৰিয়ালসমূহলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।লগতে তেওঁ টুইটাৰযোগে কয়, "নগালেণ্ডৰ এই ঘটনা অতিকৈ উদ্বেগজনক বিষয়। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। মই আঘাতপ্ৰাপ্ত সকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। আমি ঘটনাটোৰ পুংখানুপুংখ তদন্ত নিশ্চিত কৰিব লাগিব আৰু সকলো ভুক্তভোগীয়ে ন্যায় পোৱাটো নিশ্চিত কৰিব লাগিব।"
ইপিনে, প্ৰতিনিধি দলটোৱে গাওঁখনলৈ যাব আৰু মৃতকৰ আত্মীয় আৰু আহতসকলৰ পৰিয়ালৰ সৈতে কথা পাতিব বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে। প্ৰতিনিধি দলটোৱে মঙলবাৰে ৰপুৱা উভতি অহাৰ পিছত দলটোক এক প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। বৰ্তমান, উক্ত ঘটনাটোৰ পিছতে নগালেণ্ডৰ বিখ্যাত 'হৰ্ণবিল' উৎসৱ অস্থায়ীৰূপে বন্ধ হৈ পৰে।
Comments