গুৱাহাটী,৬ ডিচেম্বৰ:পুনৰ দেশবাসীৰ সন্মুখত নিজৰ ভাৱমূর্তি সলনি কৰাৰ চেষ্টা চলালে তালিবানে। এইবাৰ আফগানিস্তানৰ তালিবান চৰকাৰে মহিলাৰ বিবাহৰ সন্দৰ্ভত নতুন নির্দেশনা জাৰি কৰিলে।
নতুন নির্দেশনাত তালিবানে ঘােষণা কৰা অনুসৰি,বলপূর্বক কন্যা সন্তানৰ বিবাহ গ্রহণযােগ্য নহ’ব।আফগান নাৰী কোনাে পণ্য সামগ্রী নহয় আৰু সেয়েহে সকলোৱে এই নিৰ্দেশনা মানি চলিব লাগিব।
এই নতুন নির্দেশনা জাৰি কৰিলে তালিবানৰ তথ্য আৰু সংস্কৃতি মন্ত্রী জাবিউল্লাহ মুজাহিদে।বিবাহৰ পূর্বে পৰিয়ালৰ লােকে কন্যাৰ সন্মতি ল’ব লাগিব বুলি তালিবানে ঘােষণা কৰিলে।
মুজাহিদে কয়,'আমি সকলাে সময়তে মহিলাৰ সন্মানক অগ্রাধিকাৰ দিওঁ। সেয়েহে আমি কেতিয়াও আমাৰ দেশৰ মহিলাক পণ্য হিচাপে গণ্য নকৰোঁ। আমাৰ মতে,বিবাহৰ ক্ষেত্ৰত এজন পুৰুষৰ মতামত প্রকাশৰ যি অধিকাৰ আছে, একে ধৰণৰ অধিকাৰ মহিলাৰাে আছে।’
Comments