গুৱাহাটী, ৫ ডিচেম্বৰ: বিশ্বৰ ৩৮ খন দেশত আতংকৰ সৃষ্টি কৰা কৰ'নাৰ অমিক্ৰনৰ প্ৰকাৰ এতিয়া ভাৰততো আতংক হৈ পৰিছে। চিন্তনীয় পৰিস্থিতিৰ সন্মুখীন হৈ জনবহুল অঞ্চলত আৰক্ষীৰ নিয়োজন লগতে কৰোনা নিয়ম উলংঘনকাৰীৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য সচিবে ছয়খন ৰাজ্যলৈ পত্ৰৰ জৰিয়তে অমিক্ৰনৰ ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি তেওঁলোকক অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।৷ প্ৰায় ৩৮ খন দেশত অমিক্ৰন ৰোগী পোৱাৰ পিছত তৃতীয় ঢৌৰ বিপদাশংকাত ভাৰতবৰ্ষ৷
ডুবাইৰ পৰা মুম্বাইলৈ উভতি অহা ব্যক্তি এজনৰ দেহতো অমিক্ৰন সংক্ৰমিত অৱস্থাত পোৱা গৈছিল ৷ বৰ্তমান অৱস্থাত ভাৰতত ৪ জন ৰোগীৰ দেহত অমিক্ৰনক ভেৰিয়েণ্ট চিনাক্তকৰণ কৰা হয় আৰু ইয়াৰ ফলত দেশত কৰোনাৰ তৃতীয় ঢৌৰ আশংকা বৃদ্ধি পাবলৈ লয়৷ কৰ্ণাটকৰ বেংগালুৰুত ২ জন, মহাৰাষ্ট্ৰৰ মুম্বাইত ১ জন আৰু গুজৰাটৰ জামনগৰত ১ জন ৰোগী কোৰানাৰ অমিক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হয়। ক্ৰমান্বয়ে বৰ্ধিত অমিক্ৰনৰ ঘটনা দেশবাসীৰ বাবে এক চিন্তনীয় বিষয়ৰ সৃষ্টি কৰিছে ৷ দিল্লীৰ চিকিৎসালয়সমূহ অমিক্ৰন মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়।বেংগালুৰুত অমিক্ৰন সংক্ৰমণৰ দুটা ঘটনা চিনাক্ত হোৱাৰ পিচত নতুন নিৰ্দেশনাবোৰ কঠোৰভাৱে অনুসৰণ কৰা হৈছে৷
Comments