তেজপুৰ ঃ বিশেষ প্রতিনিধি, ৫ ডিচেম্বৰ ঃ অসম আৰু অসমীয়াৰ লগতে ভাৰত আৰু ভাৰতীয়ৰ স্বার্থত এই চৰকাৰে সন্মুখত অহা সকলো বাধা ওফৰাই কাম কৰাৰ অংগীকাৰ গ্রহণ কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালিৰ পৰা দুদিনীয়া কার্যসূচীৰে তেজপুৰৰ মাজগাঁৱৰ হিলবিলিত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক মহিলা মর্র্চৰ কেন্দ্রীয় কার্যনির্বাহক সভাৰ সমৰণী অনুষ্ঠানত ভাষণ দি সভাত উপস্থিত থকা মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰৰ চিন্তা-চেতনাৰ কেন্দ্রবিন্দু হ’ল নাৰী শক্তি৷
এইখন চৰকাৰে ৭৫ শতাংশ আঁচনিয়েই মহিলাসকলৰ হিতৰ বাবে ৰূপায়ণ কৰিছে৷ ড্রাগ৲ছকে ধৰি অপৰাধীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ বাবে আটাইতকৈ যদি লাভান্বিত হৈছে, তেন্তে সেয়া নাৰী সমাজ৷ ৰাজনৈতিক ক্ষেত্রখনত ব্যাপক পৰিৱর্তন হোৱা বুলি কৈ এয়া বিজেপিৰ ঢৌ নহয়, এয়া স্থায়িত্ব বুলি কয়৷ দলীয় কর্মীসকলে ‘মই’ৰ পৰিৱর্তে ‘আমি’ হিচাপে কাম কৰিব লাগিব৷ কার্যকর্তা নির্মাণৰ বাবেই দলৰ শক্তি বৃদ্ধি পাইছে৷ থাওৰা- মৰয়নি সমষ্টিত পূর্বতে ৩৫ হাজাৰ ভোটত জয়ী হৈছিল৷ এতিয়া ৩০ হাজাৰ ভোটত জয়ী হৈছে৷
বিৰোধী দল একত্রিত হৈছে বিজেপিক হৰুৱাবলৈ৷ ১০০ বছৰ শাসন কৰা কংগ্রেছ দলক পৰাভূত কৰিছে বিজেপিয়ে৷ মই শব্দটোৱে সমাজ কলুষিত কৰে৷ মইটো আমি হ’ব লাগিব৷ বিজেপিত অমৃত মণ্ঠন হয়৷ আমাৰ ভিতৰতে ‘মই’ সমাহিত হৈ আছোঁ৷ এনে চিন্তাৰে আগবাঢ়িলে অসমখন এটা দিশলৈ যাব পাৰিব৷ যোৱা ৬ মাহত চৰকাৰে লোৱা সিদ্ধান্ত কার্যকৰী কৰি আহিছে৷ ‘অসম গৌৰৱ’ৰ দৰে অসামৰিক বঁটা প্রদান কৰাত এয়া প্রমাণ হ’ল যে নীৰৱে সাধনা কৰাসকলক সমাজে স্বীকৃতি দিয়ে৷ ড্রাগ৲ছ, চোৰাং গৰুৰ ব্যৱসায়ৰ বিৰূদ্ধে কঠোৰ স্থিতি চৰকাৰে লৈছে৷
শিশু সৰবৰাহৰ বিৰুদ্ধেও কঠোৰ হৈছে৷ সামাজিক ন্যায়ৰ বাবে প্রচেষ্টা অব্যাহত আছে৷ প্রতি মাহৰ ১০ তাৰিখে সকলো পেঞ্চন আচনিৰ ধন ৰাইজে লাভ কৰিছে৷ তেওঁ লগতে দুর্নীতি, মধ্যভোগীসকলক নিঃশেষ কৰিব লাগিব বুলি কোৱাৰ লগতে কংগ্রেছৰ সংস্কৃতিক চোকা সমালোচনা কৰি বিজেপিত সেই সংস্কৃতি নাই বুলি মন্তব্য কৰে৷ আগন্তুক পৌৰ নিকায় আৰু পঞ্চায়ত নির্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব আৰু এই সংৰক্ষণৰ কাল বর্তমানৰ পাঁচ বছৰৰ পৰিৱর্তে দহ বছৰলৈ বৃদ্ধি কৰাৰ চিন্তা-চর্ কৰা বুলি মুখ্যমন্ত্রীয়ে আজি সদৰী কৰে৷
লগতে অহা বিধানসভাৰ নির্বাচনত ২৫গৰাকী বিধায়িকা নির্বাচিত হোৱাটো বিচাৰে বুলি তেওঁ কয়৷ প্রসংগক্রমে পঞ্চায়ত সভানেত্রী, জিলা পৰিষদৰ সভানেত্রীসকলে দায়িত্ব স্বামীক দিব নোৱাৰিব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ প্রতিগৰাকী মহিলা মর্চাৰ কর্মীক দহ জোপাকৈ বৃক্ষৰোপণ আৰু প্রতিপালনৰ লগতে নিজ নিজ অঞ্চলৰ একোগৰাকী দুর্ভগীয়াক সহায়ৰ হাত আগবঢ়াবলৈ আজিৰ এই সভাত সকলোৰে প্রতি মুখ্যমন্ত্রীয়ে আহবান জনায়৷
তেওঁ কয় যে প্রত্যেকগৰাকী মহিলাই এগৰাকী দুর্বল মহিলাক সহায় কৰক৷ ইয়াৰ দ্বাৰা আত্মা শুদ্ধ হ’ব৷ ডাইনীৰ সন্দেহত যাতে কোনো মহিলাক হত্যা কৰিব নোৱাৰে তাৰ বাবে নিজ নিজ এলেকাত কৰক৷ মহিলা মর্ৰ সভানেত্রী আঙুৰলতা ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মন্ত্রী অজন্তা নেওগে ভাষণ দি কয় যে সংবিধানপ্রদত্ত নাৰী অধিকাৰ সন্দর্ভত মর্ৰ সকলো বিষয়ববীয়া আৰু কর্মী সচেতন হোৱা উচিত৷
বিজেপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্রী অশোক সিংঘাল, বিজেপিৰ ৰাষ্ট্রীয় মহিলা মর্ৰ সাধাৰণ সম্পাদিকা তথা সাংসদ ইন্দুবালা গোস্বামী, সাংসদ কুইন ওজা, সাংসদ পল্লৱলোচন দাস, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, বিধায়ক সুমন হৰিপ্রিয়া, গণেশ লিম্বু, কষ্ণকমল তাঁতীকে প্রমুখ্য কৰি দলীয় নেতা-কর্মী উপস্থিত থাকে৷ আনহাতে, কালি অনুষ্ঠিত মহিলা মর্ৰ কার্যনির্বাহকৰ এখন গুৰুত্বপূর্ণ সভাত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলীয় কর্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে৷
আজি সভাৰ অন্তত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে সোৱণশিৰি জলবিদ্যুৎ প্রকল্প কংগ্রেছত থকা কালৰে পৰাই সমর্থন কৰি অহা বুলি উল্লেখ কৰি কয়, আমাক বিদ্যুৎ লাগে৷ গতিকে এই প্রকল্প হ’বই৷ আগষ্টত মুকলি হয়নে নহয় নাজানো কিন্তু মোৰ এই প্রকল্পত সমর্থন আছে৷ কামাখ্যা মন্দিৰৰ ভূমি ঔৰংজেৱে দান কৰা বুলি বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ সম্পর্কত মুখ্যমন্ত্রীয়ে ইতিহাস বিকৃত কৰা এনেবোৰ কথাৰে চৰকাৰক সকলো কামৰ বাবে বাধ্য কৰাব নোৱাৰিব৷
প্রয়োজন সাপেক্ষে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও আজি মন্তব্য কৰে৷ সভাৰ অন্তত সাংবাদিকৰ আগত কার্যনির্বাহকৰ কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি সভানেত্রী আঙুৰলতা ডেকাই কয় যে কেন্দ্রীয় চৰকাৰৰ পোষণ অভিযান সাফল্যমণ্ডিত কৰি তুলিবলৈ সংগঠনটোৱে ব্যাপক কার্যসূচী গ্রহণ কৰিব আৰু জানুৱাৰী মাহটো অৰুণোদয় মাহ হিচাপে পালন কৰি অৰপণোদয় আঁচনি সম্পর্কে সজাগতাৰ সৃষ্টি কৰিব৷
Comments