গুৱাহাটী, ৬ ডিচেম্বৰঃ ডুবাই সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম প্ৰিয় গন্তব্যস্থান, যি সকলো পৰ্যটকৰে পছন্দৰ ঠাই বুল্ গণ্য কৰা হয়। ডুবাইৰ বুৰ্জ খলিফা, শ্বপিং মল, সাগৰ, মৰুভূমি, দুঃসাহসিক অভিযান, দ্বীপ আদিৰ দৰে আন বহুতো আকৰ্ষণীয় ঠাই সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষিত কৰি আহিছে।
ভাৰতীয় পৰ্যটকসকলে প্ৰায়ে ডুবাইৰ ভ্ৰমণ কৰা দেখা যায়। সেয়া অকলশৰীয়া হওঁক বা পৰিয়ালবৰ্গৰ সৈতে হওঁক ইয়াত সকলোৰে বাবে চাবলৈ বহুত ঠাই আছে। লগতে, বহুতো আকৰ্ষণীয় বস্তু আছে যি প্ৰায়ে মানুহৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। এই আকৰ্ষণীয় ঠাইবোৰৰ ভিতৰত এটা বিশেষ হ'ল ডুবাইত নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ উচ্চতাৰ চুইমিং পুল, যি দেখাত অত্যন্ত ধুনীয়া কিন্তু দুৰ্বল হৃদয়ৰ লোকসকলৰ বাবে এই চুইমিং পুল সঠিক স্থান নহয়।
অ'ৰা স্কাইপুল নামৰ এই চুইমিং পুলত সকলো পৰ্যটকে এক সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। ইয়াৰ পৰা ডুবাই স্কাইলাইন আৰু আৰৱ উপসাগৰ অতি স্পষ্টৰূপত দেখা যায়। ইয়াত ভ্ৰমণ কৰা মানুহে দীঘলীয়া সময়ৰ বাবে সেই অভিজ্ঞতা পাহৰি যাব নোৱাৰে। এই পুললৈ আহিলে মানুহৰ পৃথিৱীৰ সপ্তম তাৰকা হোটেল অথবা হলিউডৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণস্থলীত থকাৰ দৰে অনুভৱ হয়। অ'ৰা স্কাইপুলটো মাটিৰ পৰা ২০০ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ ভাড়াও ইমান আকৰ্ষণীয় যে পৰ্যটকে গোটেই দিনটোৰ বাবে ইয়াক বুকিং কৰে।
২০০ মিটাৰ উচ্চতাত অৱস্থিত এই স্কাইপুলটো এটা পাম টাৱাৰৰ ৫০ তম মহলাত নিৰ্মাণ কৰা হৈছে আৰু ইয়ালৈ অহা পৰ্যটকসকলে ডুবাই স্কাইলাইন, পাম জুমেৰাহ আৰু আৰৱ উপসাগৰৰ অবিশ্বাস্য দৃশ্য দেখিবলৈ সৌভাগ্য হয়। ইপিনে, ইনফিনিটি পুল মেনেজমেণ্টে এই পুলটোৰ সন্দৰ্ভত কয় যে, "আমাৰ ইয়ালৈ অহা নিয়মীয়া দৰ্শনাৰ্থী হওঁক বা পৃথিৱীৰ যিকোনো কোণৰ পৰা অহা পৰ্যটক হওঁক, ইয়াত সকলোৱে নিজকে কিছু বিশেষ স্থানত থকাৰ দৰে অনুভৱ কৰে।"
এই অ'ৰা স্কাইপুলত এটা সম্পূৰ্ণ দিন কটাবলৈ মাত্ৰ ৭৩ পাউণ্ড বা প্ৰায় ৭,৩০০ টকা ব্যয় কৰিব লাগিব, আৰু মাত্ৰ এটা বেলাৰ বাবে বুক কৰিলে ৩,৩০০ টকা পৰিশোধ কৰিব লাগিব। এই টিকটৰ সৈতে এখন ৰদ পুৱাবলৈ বিচনা দিয়া হয় আৰু এটা স্বাগতম কিটও প্ৰদান কৰা হয়। এই পুলটো ডুবাইৰ জুমেইৰাহ দ্বীপত নিৰ্মিত পাম টাৱাৰৰ ৫০তম মহলাত আছে।
এই পুলটো ৭৫০ মিটাৰ বৰ্গ লাউঞ্জেৰে আগুৰি আছে। দৰ্শনাৰ্থীসকলে বিচাৰিলে নিজৰ বাবে কাষ্টম মেড লাউঞ্জো সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰা মানুহে তলৰ সুন্দৰ দৃশ্যবোৰ অতি আমোদজনকভাৱে উপভোগ কৰিব পাৰে। এই পুলটো পুৱা ১০ বজাৰ পৰা সূৰ্য অস্ত যোৱালৈ মুকলি হৈ থাকে। ইয়াক অলপতে গিনিজ বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰা হৈছিল।
Comments