গুৱাহাটী, ৪ ডিচেম্বৰঃ ঘূৰ্ণীবতাহ জাৱাদ দেশৰ পূব উপকূলত দ্ৰুতগতিত আগবাঢ়ি আছে। এই ধুমুহাই অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে লগতে এই ধুমুহাই দেশৰ বিভিন্ন প্ৰান্তক প্ৰভাৱিত কৰিব পাৰে। কিন্তু ই অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। দুয়োখন ৰাজ্যৰ চৰকাৰে এই সন্দৰ্ভত কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে।
দেশখনৰ পূব উপকূলত পুনৰ ঘূৰ্ণীবতাহৰ আশংকা তীব্ৰতৰ হৈ উঠিছে। অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত জৱাদ ধুমুহাৰ বিধ্বংসী পৰিস্থিতি দেখা দিব পাৰে। ঘূৰ্ণীবতাহ জাৱাদ অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা উপকূল আৰু পশ্চিম মধ্য বংগোপসাগৰৰ ওচৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছত ই উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ উত্তৰ-পূব দিশৰ ফালে আগবাঢ়ি যাব। জাৱাদে ৫ ডিচেম্বৰৰ আবেলি পুৰীৰ চাৰিওফালে উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
বতাহ জাৱাদক লৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰা হৈছে। এই ধুমুহাৰ গতি বেগ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ হ'ব বুলি আশা কৰা হৈছে। তীব্ৰ বতাহৰ ফলত গছ আৰু বৈদ্যুতিক খুটা বোৰ ভাঙি পৰিব পাৰে। ঘূৰ্ণীবতাহৰ মোকাবিলা কৰিবলৈ পূব উপকূলীয় ৰাজ্যসমূহত এন ডি আৰ এফৰ ৪৬ টা দল মোতায়েন কৰা হৈছে।
ইয়াৰ লগতে, ঘূৰ্ণীবতাহ জাৱাদৰ বাবে ভাৰতীয় ৰে'লৱেই ১০৭ খন ৰেল বাতিল কৰিছে। এইবোৰ অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ মাজেৰে যোৱা ৰে'ল। ঘূৰ্ণীবতাহ জাৱাদক লৈ উৰিষ্যাৰ ১৯ খন জিলাৰ বিদ্যালয় সমূহ বন্ধ কৰি ৰখা হৈছে। বতৰ বিজ্ঞানীসকলৰ মতে, দেশৰ আন ৰাজ্যসমূহতো ঘূৰ্ণীবতাহ জাৱাদৰ প্ৰভাৱ পৰিব পাৰে।
Comments