গুৱাহাটী, ৪ ডিচেম্বৰঃ ৰোহিত শৰ্মাক অলপতে টীম ইণ্ডিয়াৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল। দলটোৰ প্ৰাক্তন অধিনায়ক বিৰাট ক'হলীয়ে আইচিচি টুৰ্ণামেণ্টত ধাৰাবাহিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল, যাৰ পিছত তেওঁ কামৰ বোজা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰাক্তন খেলুৱৈসকলে প্ৰায়ে ৰোহিত শৰ্মাক আৰু বিৰাট ক'হলীতকৈ ভাল অধিনায়ক হিচাপে বাছনি কৰে। ইয়াৰ লগতে টীম ইণ্ডিয়াৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰেও শেহতীয়াকৈ এক মতামত আগবঢ়াইছে, যি বাৰুকৈয়ে আশ্চৰ্য্যজনক।
গৌতম গম্ভীৰে বিৰাট আৰু ৰোহিতৰ অধিনায়কত্বৰ বিষয়ে এটা ডাঙৰ মন্তব্য দিছে। এক বিশেষ বাৰ্তালাপৰ সময়ত গম্ভীৰে কয়, "ৰোহিত শৰ্মাই শেহতীয়াকৈ টি-২০ অধিনায়কত্ব আৰম্ভ কৰিছে, সেয়েহে ইয়াৰ ফলাফলৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব। ৰোহিতে আই পি এলত ৫ টা ট্ৰফী জিকিছে আৰু ভাল খেলৰ প্ৰদৰ্শন কৰিছে। ৰোহিতে কেতিয়াও খেল এখনক তেওঁৰ হাতৰ পৰা ওলাই যাবলৈ নিদিয়ে। তেওঁৰ খেলৰ প্ৰতি অতি আগ্ৰহী।"
গম্ভীৰে লগতে কয়, "ৰোহিতে বিৰাটতকৈ অধিক সফলতা অৰ্জন কৰিছে গতিকে মই বিশ্বাস কৰো যে ৰোহিত এজন ভাল অধিনায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে।" ৰোহিতৰ প্ৰশংসা কৰি গম্ভীৰে কয়, 'যেতিয়া কোনোবা খেলুৱৈয়ে এই পৰ্যায়ত ক্ৰিকেট খেলে তেতিয়া অধিক নিৰাপত্তাহীনতাত ভুগে। সেয়েহে যেতিয়া খেলুৱৈজনে ইয়াৰ বিষয়ে ভালদৰে চিন্তা কৰি আগবাঢ়ি যাব, তেতিয়া তেওঁ সিমানে খেলত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।"
ৰোহিত শৰ্মাই শেহতীয়াকৈ টি-২০ বিশ্বকাপৰ সমাপ্তিৰ পিছত ভাৰতৰ টি-২০ দলৰ বাবে অধিনায়কত্ব কৰিছে। কিছুদিন পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাত ৰোহিতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। ৰোহিতৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৩-০ স্ক'ৰৰ শৃংখলা দখল কৰে। স্থায়ী প্ৰশিক্ষক হোৱাৰ পিছত এইটো ৰাহুল দ্ৰাবিড়ৰ প্ৰথম শৃংখলা আছিল। একে সময়তে, ৰোহিত আৰু দ্ৰাবিড়ে এতিয়া অষ্ট্ৰেলিয়াত অনুষ্ঠিত ২০২২ চনৰ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াক বিজয়ৰ দিশে লৈ যাব বুলি আশা কৰা হৈছে।
Comments